নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮৭ মহিলাক চিকিৎসাৰ নামত ধর্ষণ স্ত্রী–ৰোগ বিশেষজ্ঞৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ নৱেম্বৰঃ চিকিৎসাৰ নামত ৫৬ বছৰীয়া স্ত্রী–ৰোগ বিশেষজ্ঞ এজনে ৮৭ মহিলাক ধর্ষণৰ অভিযোগত গ্রেপ্তাৰ হৈছে৷ নৰৱেৰ প্রখ্যাত স্ত্রী–ৰোগ বিশেষজ্ঞ আর্নে বাইক আৰক্ষীয়ে ধর্ষণৰ অভিযোগত গ্রেপ্তাৰ কৰাৰ পাছত বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে৷ চিকিৎসা সেৱাৰ নামত অবৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰাৰ লগতে চেম্বাৰৰ পৰা বাসগৃহলৈকে কেমেৰাৰে মহিলা ৰোগীৰ ভিডিঅ’ ফুটেজ সংগ্রহ কৰা চিকিৎসক আর্নে বাইৰ অনেক ঘৃণনীয় কাণ্ড পোহৰলৈ আহিছে৷ ১৪ বছৰীয়া কিশোৰীৰ পৰা ৬৭ বছৰীয়া বৃদ্ধালৈকে চিকিৎসকজনৰ ধর্ষণৰ বলি হৈছে৷ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা চিকিৎসক আর্নে বাইৰ চেম্বাৰ আৰু বাসগৃহৰ পৰা ৬ হাজাৰৰ অধিক সময়ৰ ভিডি’ ফুটেজ জব্দ কৰিছে৷ এই ভিডিঅ’ ফুটেজত চিকিৎসকজনে মহিলা ৰোগীৰ ওপৰত চলোৱা বিভিন্ন ঘৃণনীয় কাম–কাজ স্পষ্ট হৈ পৰিছে৷ আর্নে বায়ে দুটা দশক ধৰি এই ঘৃণনীয় কাম–কাজ চলাই আহিছে৷ নৰৱেৰ ইতিহাসত বৃহৎ যৌন কেলেংকাৰিৰ খলনায়ক আর্নে বাইৰ বাসগৃহৰ পৰা উদ্ধাৰ হোৱা ভিডিঅ’ ফুটেজত মহিলাক চিকিৎসাৰ নামত চলোৱা অবৈজ্ঞানিক পদ্ধতিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আৰক্ষীয়ে চিকিৎসকজনক গ্রেপ্তাৰ কৰাৰ পাছত ধৃত চিকিৎসকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত চেম্বাৰ আৰু বাসগৃহত গোপন কেমেৰা সংস্থাপন কৰি মহিলাৰ চিকিৎসাৰ সময়ৰ দৃশ্য ৰেকর্ডিং কৰা বুলি স্বীকাৰ কৰিছে৷ নিপীড়িত মহিলাই অভিযোগ কৰাৰ পাছত নৰৱেৰ আৰক্ষীয়ে আর্নেৰ বিৰুদ্ধে ২০২২ চনৰ আগষ্ট মাহৰ পৰাই তদন্ত আৰম্ভ কৰে৷ কিন্তু ২০২৩ চন পর্যন্ত চিকিৎসকজনৰ বিৰুদ্ধে কোনো আনুষ্ঠানিক অভিযোগ আৰক্ষীয়ে লাভ কৰা নাছিল৷ এনে কাৰণতে আৰক্ষীয়ে চিকিৎসকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিব পৰা নাছিল৷ কিন্তু পাছলৈ এগৰাকী মহিলাই আনুষ্ঠানিকভাৱে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাৰ পাছতেই চিকিৎসক আর্নেক গ্রেপ্তাৰ কৰে আৰু আর্নেৰ ঘৃণনীয় কাম–কাজ পোহৰলৈ আহে৷ নৰৱেৰ ফ’ষ্টাৰ নামৰ সৰু চহৰখনৰ য’ত মাত্র ২,৬০০ বাসিন্দা আছে, তাতেই চিকিৎসক আর্নেই এই মাৰাত্মক কাণ্ড সংঘটিত কৰিছে৷ নৰৱেৰ আৰক্ষীয়ে তদন্তৰ অন্তত আদালতত দাখিল কৰা অভিযোগনামাৰ ভিত্তিত চিকিৎসক আর্নে দোষী সাব্যস্ত হ’লে ২১ বছৰৰ কাৰাদণ্ড হ’ব৷ চিকিৎসাৰ নামত মহিলা ৰোগীক ধর্ষণ কৰা এনে ঘটনাই সম্প্রতি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

You might also like