৯০ বছৰীয়া বৃদ্ধক যাৱজ্জীৱন কাৰাদণ্ড
📌 চাৰি দশক পিছত ১০ দলিতক হত্যাৰ শাস্তি
বিশেষ বাৰ্তা, ৪ জুনঃ ৪২ বছৰ পূর্বে উত্তৰ প্রদেশত ১০জন দলিতক হত্যাৰ গোচৰত দোষী সাব্যস্ত কৰা হ’ল গংগা দয়াল নামৰ ৯০ বছৰীয়া বৃদ্ধ এজনৰ লগতে অন্য ৯গৰাকী লোকক৷ দোষী সাব্যস্ত কৰি আদালতে এই ১০গৰাকী লোকৰ বিৰুদ্ধে যাৱজ্জীৱন কাৰাদণ্ড ঘোষণা কৰে৷ লক্ষণীয় যে গংগা দয়ালৰ বাহিৰে অন্য ৯জন অভিযুক্তৰ ইতিমধ্যে মৃত্যু হৈছে৷ ১৯৮১ চনত উত্তৰ প্রদেশৰ ছাদুপুৰত সংঘটিত হৈছিল ভয়াৱহ এই হত্যাকাণ্ড৷ গংগা দয়ালৰ বিৰুদ্ধে যাৱজ্জীৱন কাৰাদণ্ডৰ উপৰি ৫৫ হাজাৰ টকাৰ জৰিমনাও বিহিছে ফিৰোজাবাদৰ আদালতে৷ এই বিষয়টোক লৈ সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে৷