নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বছৰৰ প্ৰথম দিনটোত ৭.৫ প্ৰাবল্যৰ ভূমিকম্পত কঁপিল জাপান

🔹 ছুনামিৰ সতৰ্কবাণী জাৰি

বিশেষ বাৰ্তা, ১ জানুৱাৰী : বছৰৰ প্ৰথম দিনটোতে জাপানত ভয়াৱহ দুৰ্যোগ নামি আহে। ৭.৫ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় দেশখনক। ভূমিকম্পৰ পিছতে দেশখনত ছুনামিৰ সতৰ্কবাণী জাৰি কৰা হয়। ইতিমধ্যে ৱাজিমাৰ উপকূলত ১.২ মিটাৰ দৈৰ্ঘ্যৰ ঢৌ উঠিবলৈ আৰম্ভ কৰিছে। খবৰ অনুসৰি মধ্য জাপানক প্ৰবল ভূমিকম্পই জোকাৰি যায়। ৰাজধানী টকিঅ’কে ধৰি কেইবাখনো ডাঙৰ চহৰত কম্পন অনুভূত হৈছে। বাতৰি অনুসৰি, জাপান বতৰ বিজ্ঞান সংস্থাই ইছিকাৱা, নিইগাটা আৰু ট’য়ামা প্ৰিফেকচাৰৰ পশ্চিম উপকূলীয় অঞ্চলত ছুনামিৰ সতৰ্কবাণী জাৰি কৰিছে। সোমবাৰে স্থানীয় সময় অনুসৰি প্ৰায় ৪ বজাত জাপানৰ বিভিন্ন চহৰত প্ৰবল ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। লগে লগে উপকূলীয় অঞ্চলৰ লোকসকলক নিৰাপদ ঠাইলৈ স্থানান্তৰ কৰা হয়। বতৰ বিভাগে আশংকা প্ৰকাশ কৰিছে যে সাগৰৰ ঢৌ ৫ মিটাৰ পৰ্যন্ত উঠিব পাৰে। জাপানৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, এই কম্পনৰ কেন্দ্ৰবিন্দু আছিল ইছিকাৱাৰ নোটো অঞ্চল। ৰাজধানী টকিঅ’ৰ পৰা আৰম্ভ কৰি কেইবাখনো ডাঙৰ চহৰত আফটাৰশ্বক অনুভৱ কৰা হৈছিল। ইতিমধ্যে ইছিকাৱা অঞ্চলৰ উপকূলত এক মিটাৰ পৰ্যন্ত ঢৌ উঠিবলৈ আৰম্ভ কৰিছে। উপকূলীয় অঞ্চলৰ বাসিন্দাসকলক উচ্চ অট্টালিকা বা অন্যান্য অঞ্চলত আশ্ৰয় ল’বলৈ কোৱা হৈছে। অৱশ্যে জাপানত এতিয়ালৈকে কোনোধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই। ইয়াৰ উপৰি জাপানৰ চুবুৰীয়া দেশ কোৰিয়া আৰু ৰাছিয়ায়ো সতৰ্কবাণী জাৰি কৰিছে।

You might also like