নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ টেক্সাছত ৯০ ফুট উচ্চতাৰ হনুমানৰ মূর্তি উন্মোচন

🔹 প্রাণ প্রতিষ্ঠাত ৭২ ফুট দৈর্ঘ্যৰ মালা পিন্ধাই হেলিকপ্টাৰেৰে পুষ্পবৃষ্টি

নিউজ ডেস্ক, ২৩ আগষ্ট : আমেৰিকাৰ টেক্সাছ চহৰত উন্মোচিত হ’ল ৯০ ফুট উচ্চতাৰ হনুমানৰ মূর্তি৷ ‘ষ্টেচু অৱ ইউনিয়ন’ নামৰ এই মূর্তিটোক মার্কিন চহৰৰ নৱতম লেণ্ডমার্ক বুলি অভিহিত কৰা হৈছে৷ কাৰণ কেইবামাইল দূৰৰ পৰাই দৃশ্যমান এই দীর্ঘদেহী হনুমান৷ ভাৰতৰ বাহিৰত এইটোৱেই আটাইতকৈ বেছি ওখ হনুমানৰ মূর্তি৷ আনফালে আমেৰিকাত তৃতীয় স্থান লাভ কৰা সুউচ্চ মূর্তি হৈছে এইটো৷ ষ্টেটু অৱ লিবার্টী (১৫১ ফুট) আৰু পেগাছাছ এণ্ড ড্রেগন (১১০ ফুট)ৰ পাছতেই আমেৰিকাৰ তৃতীয় সুউচ্চ মূর্তি হৈছে এই ৯০ ফুট ওখ বজৰংবলী৷ টেক্সাছৰ ছুগাৰলেণ্ড অঞ্চলত আছে শ্রীঅষ্টলক্ষ্মী মন্দিৰ৷ এই মন্দিৰ প্রাংগণতেই স্থাপন কৰা হৈছে হনুমানৰ মূর্তিটো৷ যোৱা ১৫–১৮ আগষ্টলৈ প্রাণ প্রতিষ্ঠা মহোৎসৱ আছিল৷ মন্দিৰ কর্তৃপক্ষই জনোৱা অনুসৰি, ভগৱান ৰাম আৰু তেওঁৰ সহধর্মিণী সীতাৰ পুনৰ মিলনত হনুমানে লোৱা ভূমিকাৰ কথাক গুৰুত্ব দিয়েই মূর্তিটোৰ নাম ‘ষ্টেচু অৱ ইউনিয়ন’ ৰখা হৈছে৷ এই মূর্তিটো নির্মাণৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা আছিল ছিন্নাজিয়াৰ স্বামীজীৰ৷ ছিন্নাজিয়াৰ স্বামীজী হৈছে পদ্মভূষণপ্রাপ্ত বেদজ্ঞ পণ্ডিত৷ উত্তৰ আমেৰিকাক আধ্যাত্মিক কেন্দ্র হিচাপে গঢ়ি তুলিবলৈ তেওঁ প্রয়াস কৰি আহিছিল৷ এই হনুমানৰ মূর্তিটো উন্মোচনৰ সময়ত হেলিকপ্টাৰেৰে পুষ্পবৃষ্টি কৰা হয়৷ ৭২ ফুট দৈর্ঘ্যৰ ফুলৰ মালা পিন্ধাই দিয়া হয় মূর্তিটোৰ ডিঙিত৷ সেই সময়ত হিন্দু সম্প্রদায়ৰ বিপুলসংখ্যক লোক উপস্থিত আছিল৷ ভক্তসকলে জয় শ্রীৰাম, জয় বজৰংবলী ধ্বনি দি টেক্সাছ চহৰ প্রাণ প্রতিষ্ঠাৰ সময়ত মুখৰিত কৰি তোলে৷ লক্ষণীয়ভাৱে এই হনুমানৰ মূর্তিটো আমেৰিকাত পর্যটকৰ অন্যতম আকর্ষণ হৈ পৰিব বুলি হিন্দু সম্প্রদায়ৰ লোকসকলে মন্তব্য কৰিছে৷

You might also like