নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জেলেনস্কীৰ গৃহ চহৰত বোমাত শিশুসহ ১৮জনৰ প্রাণহানি

🔹 ইউক্রেইনত ৰুছ সেনাৰ ভয়াৱহ আক্রমণ

নিউজ ডেস্ক, ৬ এপ্রিল : আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ৰাছিয়া আৰু ইউক্রেইনৰ মাজত চলি থকা তিনি বছৰীয়া ৰক্তক্ষয়ী যুদ্ধৰ অৱসান ঘটোৱাৰ বাবে প্রয়াস চলাই থকাৰ মাজতে ৰাছিয়াই ইউক্রেইনৰ ৰাষ্ট্রপতি ভ’ল’ডিমিৰ জেলেনস্কীৰ গৃহ চহৰত ভয়াৱহ আক্রমণ চলায়৷ দেশখনৰ মধ্যস্থলৰ ক্রিভি ৰি চহৰত ৰুছ সেনাই বোমা নিক্ষেপ কৰাত শিশুসহ অতিকমেও ১৮জনৰ প্রাণহানি হয়৷ চলিত বর্ষত ইউক্রেইনৰ ওপৰত অন্যতম ভয়াৱহ আক্রমণ হিচাপে বিবেচিত এই আক্রমণত ১৮জনৰ প্রাণহানি হোৱাৰ লগতে কেইবা ডজন লোক আহত হৈছে৷ ৰাষ্ট্রপতি জেলেনস্কীয়ে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা মতে, ৰুছ সেনাই আৱাসিক অঞ্চলত বেলিষ্টিক মিছাইলেৰে আঘাত কৰিছে৷ এই আক্রমণত নিহতৰ ভিতৰত ৯টি শিশুও আছে৷ আক্রমণত ১০ মহলীয়া অট্টালিকা এটাৰ অধিকাংশ ধ্বংস হোৱাৰ লগতে এই আক্রমণত নিহত আৰু আহত লোকসকল ৰাজপথত পৰি থকা দেখা গৈছে৷ ইউক্রেইনৰ ৰাষ্ট্রপতিগৰাকীয়ে ৰাছিয়াৰ এই আক্রমণক প্রত্যাহ্বান জনাবলৈ সেনা বাহিনীক নির্দেশ দিছে৷ ৰাছিয়াৰ প্রতিৰক্ষা মন্ত্রালয়ে প্রকাশ কৰা মতে, তেওঁলোকে শক্তিশালী মিছাইল নিক্ষেপ কৰিছে আৰু এই মিছাইলত এখন ৰেষ্টুৰেণ্টক লক্ষ্য কৰি লোৱা হৈছে৷ আক্রমণত ৮৫জনৰ প্রাণহানি হোৱাৰ আশংকা আছে৷ মন কৰিবলগীয়া যে ২০২২ চনত ৰাছিয়াই ইউক্রেইনৰ ওপৰত পূর্ণাংগ শক্তি প্রয়োগ কৰি সামৰিক অভিযান তথা যুদ্ধ আৰম্ভ কৰাৰ পাছত প্রথমবাৰৰ বাবে ক্রিভি ৰি চহৰত ৰুছ সেনাই অন্যতম ভয়াৱহ আক্রমণ চলাইছে৷ ৰুছ সেনাৰ এই আক্রমণে প্রমাণিত কৰিছে যে দেশখনে ইউক্রেইনৰ সৈতে যুদ্ধবিৰতি নিবিচাৰে৷ ৰাষ্ট্রপতি জেলেনস্কীয়ে এই মন্তব্য কৰি শেষ বিন্দু তেজ থকালৈকে যুঁজি যাম বুলি ঘোষণা কৰিছে৷

You might also like