নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রেমিকাক বিয়া কৰাবলৈ দুই সন্তানক হত্যা পিতৃৰ

🔹 দম্পতীক মৃত্যুদণ্ডৰ ৰায় শুনালে আদালতে 

বিশেষ বাৰ্তা, ২ ফেব্রুৱাৰী : প্রেমিকাক লৈ নতুনকৈ সংসাৰ পাতিবলৈ নিজৰ দুই সন্তানক হত্যা কৰিলে এজন ব্যক্তিয়ে৷ দুই সন্তানক এটা বহুমহলীয়া প্রাসাদৰ ওপৰৰ পৰা পেলাই দি হত্যা কৰে ব্যক্তিজনে৷ ঘটনাটো চীনৰ৷ ‘চাইনা ডেইলী’ৰ প্রতিবেদন অনুসৰি, বুধবাৰে এই ব্যক্তিজন আৰু তেওঁৰ প্রেমিকাক মৃত্যুদণ্ডৰ ৰায় শুনাইছে আদালতে৷ ২০২০ চনৰ ঘটনা৷ দুই অভিযুক্তৰ নাম ঝাং বো আৰু য়ে চেংঝেন৷ ঝাঙৰ দুই সন্তান আছিল৷ ১৬ মহলীয়া প্রাসাদ এটাৰ পৰা দুয়োটা সন্তানক পেলাই দি হত্যা কৰে ঝাঙে৷ ‘নিউয়র্ক টাইমছ’ৰ প্রতিবেদন অনুসৰি, ২০২০ চনত পত্নী চেন মেলিনৰ সৈতে বিবাহ বিচ্ছেদ ঘটে ঝাঙৰ৷ তাৰ পাছত চেংঝেনৰ সৈতে প্রণয়ৰ সম্পর্ক গঢ়ি উঠে ঝাঙৰ৷ ঝাঙৰ যে দুই সন্তান আছে, সেই কথাটো প্রেমিকাৰ পৰা গোপন কৰি ৰাখে৷ কিন্তু পিছলৈ প্রেমিকা চেংঝেনে এই কথা জানিবলৈ সক্ষম হয়৷ লগে লগে ঝাঙক দুই সন্তানৰ পৰা সম্পর্ক ছেদ কৰাৰ চর্ত দিয়ে প্রেমিকা চেংঝেনে৷ উপায়হীন হৈ ১৬ মহলাৰ ওপৰৰ পৰা দুয়োটা সন্তানক পেলাই দি হত্যা কৰে ঝাঙে৷ দুই সন্তানৰ হত্যাৰ খবৰ লাভ কৰে ঝাঙৰ প্রাক্তন পত্নী মেলিনে৷ মেলিনৰ অভিযোগৰ ভিত্তিত দুয়োকে গ্রেপ্তাৰ কৰা হয়৷ শেহতীয়াকৈ গোচৰত ঝাং আৰু চেংঝেনক দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰ ৰায় শুনাইছে আদালতে৷

You might also like