ৰাম মন্দিৰ মুকলিৰ পূর্বে চাইবাৰ ভাবুকি : উচ্চ পর্যায়ৰ দল মোতায়েন
বিশেষ বাৰ্তা, ১৯ জানুৱাৰী : দেশৰ ঐতিহাসিক ক্ষণ অযোধ্যাৰ ৰাম মন্দিৰত প্রাণ প্রতিষ্ঠাৰ উৎসৱত চাইবাৰ আক্রমণৰ ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ বিশেষ ব্যৱস্থা গ্রহণ কৰিছে কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠা উৎসৱৰ সময়ত ম’বাইলত হোৱাটছএপযোগে অবাঞ্ছনীয় তথ্য প্রচাৰেৰে অনাহূত পৰিস্থিতিৰ সৃষ্টি চাইবাৰ আক্রমণৰ দ্বাৰা অসাধু চক্রই সংঘটিত কৰাৰ সম্ভাৱনাৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় গৃহ মন্ত্রালয়ে উচ্চ পর্যায়ৰ দল মোতায়েন কৰিছে৷ ৰাম মন্দিৰৰ ভিআইপি প্রৱেশদ্বাৰৰ সমান্তৰালকৈ আন স্থানত অসাধু চক্রই ম’বাইল ফোনলৈ অবাঞ্ছনীয় বার্তা প্রেৰণেৰে চাইবাৰ অপৰাধ সংঘটিত কৰাৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিততে গৃহ মন্ত্রালয়ে এই চাইবাৰ আক্রমণ প্রতিহত কৰিবলৈ উচ্চ পর্যায়ৰ দল মোতায়েন কৰিছে৷ ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠা উৎসৱত অংশ লোৱা সকলো নাগৰিকলৈ চাইবাৰ আক্রমণৰ সম্ভাৱনাৰ সতর্কবাণী জাৰি কৰা হৈছে৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ে ইতিমধ্যে ইণ্ডিয়ান চাইবাৰ ক্রাইম ক’–অর্ডিনেচন চেণ্টাৰ, বৈদ্যুতিন আৰু তথ্য প্রযুক্তি মন্ত্রালয়, আই বি, ইণ্ডিয়ান কম্পিউটাৰ ইমার্জেন্সি ৰেছপণ্ডছ টীম, চাইবাৰ বিশেষজ্ঞৰ দল অযোধ্যাৰ ৰাম মন্দিৰৰ চৌপাশে মোতায়েন কৰিছে৷ সম্ভাব্য চাইবাৰ অপৰাধ প্রৱঞ্চনাৰ প্রতি লক্ষ্য ৰাখি সমগ্র অযোধ্যা চহৰত বিশেষ ব্যৱস্থাও গ্রহণ কৰিছে গৃহ মন্ত্রালয়ে৷