পৃথিৱীৰ ওচৰ চাপিছে বিশালকায় গ্রহাণু
নিয়মীয়া বাৰ্তা, ২৫ জুলাইঃ বিশ্বব্রহ্মাণ্ডৰ আন এক মহাজাগতিক ঘটনাৰ সাক্ষী হ’ব পৃথিৱী৷ বিশালকায় গ্রহাণু ২০০৮ জি ০২০ পৃথিৱীৰ ওচৰ চাপি আহিছে৷ ওড়িশাৰ পাঠানি শ্যামন্ত তাৰকাগৃহৰ উপ–সঞ্চালক ড০ শুভেন্দু পাটনায়কে প্রকাশ কৰা মতে চাৰিখন ফুটবল খেলপথাৰৰ সমান বিশাল গ্রহাণু এটা পৃথিৱীৰ ওচৰ চাপি আহিছে৷
ই পৃথিৱীৰ অধিক ওচৰ চাপি আহিব যদিও খুন্দা মৰাৰ সম্ভাৱনা ক্ষীণ৷ এইক্ষেত্রত পৃথিৱীবাসী শংকিত হোৱাৰ কাৰণ নাই৷ অৱশ্যে এই বিশাল গ্রহাণুটো কালি পৃথিৱী অতিক্রম কৰি যোৱাৰ পিছত কেনে প্রভাৱ পৰিব পাৰে, তাৰ কোনো আগজাননী দিব পৰা নাযায়৷ পৃথিৱীৰ নিচেই ওচৰৰে অতিক্রম কৰি যাবলগীয়া এই গ্রহাণুটো ২০৩৪ চনত পুনৰ পৃথিৱীৰ ওচৰলৈ আহিব৷
উল্লেখ্য যে ১৯৩৫ চনত এই গ্রহাণুটো পৃথিৱীৰ পৰা ১৯ লাখ কিলোমিটাৰ দূৰত্বলৈ আহিছিল৷ ১৯৭৭ চনত এই গ্রহাণুটো ২৯ লাখ কিলোমিটাৰ দূৰত্বৰে পৃথিৱী অতিক্রম কৰি গৈছিল৷ এইবেলি চন্দ্র আৰু পৃথিৱীৰ মাজৰ দূৰত্বতকৈ ১১–১২ গুণ অধিক দূৰত্বৰে আঁতৰি যাব৷ এনেক্ষেত্রত পৃথিৱীত খুন্দা মৰাৰ সম্ভাৱনা প্রায় ক্ষীণ৷
অৱশ্যে এই গ্রহাণুটো অতি তীব্র গতিত আঁতৰি যাব৷ সেই কাৰণে ভৱিষ্যৎ সন্দর্ভত বিশেষ সম্ভাৱনা উল্লেখ কৰিব পৰা নাযায়৷