নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পর্ন’গ্রাফী গোচৰ, স্বামী ৰাজ নির্দোষীঃ শিল্পা ছেট্টী

নিয়মীয়া বাৰ্তা, ২৫ জুলাইঃ পর্ন’গ্রাফী নির্মাণত জড়িত স্বামী ৰাজ কুন্দ্রাক গ্রেপ্তাৰ কৰাৰ পিছত অভিনেত্রী পত্নী শিল্পা ছেট্টীয়ে অৱশেষত মুখ খুলিলে৷ কালি মুম্বাই আৰক্ষীয়ে শিল্পা ছেট্টীৰ বাসভৱনত তালাচী চলোৱাৰ লগতে স্বামী ৰাজ কুন্দ্রা গোচৰ সন্দর্ভত সোধা–পোছা কৰাৰ অন্তত আজি অভিনেত্রী শিল্পা ছেট্টীয়ে কয় যে তেওঁৰ স্বামী ৰাজ কুন্দ্রা নির্দোষী৷

তেওঁ এই পর্ন’গ্রাফী সন্দর্ভত সজাগ নাছিল আৰু এপ হটশ্বটৰ সৈতে জড়িত নহয়৷ মুম্বাই আৰক্ষীৰ আগত স্বামী কুন্দ্রাৰ পৰিৱর্তে প্রদীপ বক্সিক এই এপটোৰ সৈতে জড়িত বুলি স্বীকাৰোক্তি দিয়ে৷

ইপিনে, ধৃত ৰাজ কুন্দ্রাৰ বিৰুদ্ধে এনফ’চমেণ্ট ডাইৰেক্টৰেটে ফ’ৰেইন এক্সচেঞ্জ মেনেজমেণ্ট এক্ট, চমুকৈ ফেমাৰ অধীনত গোচৰ ৰুজু কৰিবলৈ প্রস্তুতি চলাইছে৷ ইডিৰ শীর্ষ বিষয়াই প্রকাশ কৰা মতে, ৰাজ কুন্দ্রাৰ বিৰুদ্ধে ফেমাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে৷

উল্লেখ্য যে পর্ন’গ্রাফী নির্মাণ কৰি বিশ্বজুৰি প্রচাৰ চলাই কেইবাহাজাৰ কোটি টকা উপার্জন কৰাৰ অভিযোগ আছে ৰাজ কুন্দ্রাৰ বিৰুদ্ধে৷ ইতিমধ্যে এই পর্ন’গ্রাফী গোচৰক লৈ ৰাজ কুন্দ্রাৰ বিৰুদ্ধে বলীউডৰ মডেল অভিনেত্রীয়ে মুকলিকৈ সৰৱ হৈ উঠিছে৷

You might also like