নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৃথিৱীৰ দিশে আহি আছে বিশাল সৌৰ ধুমুহা

🔹 আমেৰিকান সংস্থাৰ সতর্কবাণী : ভয়াৱহ ভূ–চুম্বকীয় ধুমুহা সৃষ্টিৰ আশংকা

বিশেষ বাৰ্তা, ২০ মে’ : মাত্র এটা সপ্তাহ পূর্বে এক শক্তিশালী সৌৰ ধুমুহাৰ সন্মুখীন হ’বলগীয়া হৈছিল পৃথিৱীৰ মানুহ৷ এই সৌৰ ধুমুহাৰ প্রভাৱত পৃথিৱীৰ বিভিন্ন প্রান্তত সৃষ্টি হৈছিল ‘অৰোৰা বোৰিয়ালিছ’ বা ‘মেৰুজ্যোতি’৷ ঠিক একেই ধৰণৰ আৰু এক সৌৰ ধুমুহা পৃথিৱীৰ দিশলৈ আগবাঢ়ি আহিছে বুলি জ্যোতির্পদার্থ বিজ্ঞানীসকলে দাবী কৰিছে৷ আমেৰিকাৰ নেচনেল ওছেনিক এণ্ড এটমোছফিয়াৰিক এডমিনিষ্ট্রেচন (এনঅ’এএ) বিজ্ঞানীসকলৰ বক্তব্যৰ উদ্ধৃতি দি সংবাদ সংস্থা বিবিচিয়ে সদৰী কৰিছে যে আগন্তুক দুসপ্তাহৰ ভিতৰতে এই সৌৰ ধুমুহা দেখিবলৈ পোৱা যাব৷ বিজ্ঞানীসকলে উল্লেখ কৰা অনুসৰি আহি থকা এই সৌৰ ধুমুহা পূর্বতকৈ বিশাল আৰু জটিল হোৱাৰ আশংকা আছে৷ এই ধুমুহাই পৃথিৱীৰ চুম্বক ক্ষেত্রত আঘাত হানিব৷ ফলত পূর্বতকৈও বেছি ‘অৰোৰা’ বা ‘মেৰুজ্যোতি’ৰ সৃষ্টি হ’ব৷ মার্কিন সংস্থাটোৰ বিজ্ঞানীসকলে এই সৌৰ ধুমুহাৰ নাম ৰাখিছে ‘জিঅ’মেগনেটিক ষ্টর্ম’ বা ভূ–চুম্বকীয় ধুমুহা৷ বিগত ১০ মে’ত এটা শক্তিশালী সৌৰ ধুমুহাই পৃথিৱীত আঘাত কৰিছিল৷ বিশেষজ্ঞসকলে উল্লেখ কৰা অনুসৰি, ২ দশকৰ ভিতৰত পৃথিৱীত আঘাত হনা এয়া আছিল আটাইতকৈ শক্তিশালী সৌৰ ধুমুহা৷ স্পেছ ৱেডাৰ প্রেডিকচন চেণ্টাৰে উল্লেখ কৰা অনুসৰি সূর্যই যেতিয়া প্রচুৰ পৰিমাণে শক্তি নির্গত কৰে, ঠিক তেতিয়াই এনেধৰণৰ ভূ–চুম্বকীয় ধুমুহাৰ সৃষ্টি হয়৷ সূর্যৰ বাহিৰৰ বায়ুমণ্ডলৰ পৰা চুম্বকীয় প্লাজমাৰ বৃহৎ অগ্ণ্যুৎপাত এয়া৷ পৰৱর্তী সময়ত এয়া ‘জিঅ’মেগনেটিক ষ্টর্ম’লৈ সলনি হয়৷ নাছাৰ প্রতিবেদন অনুসৰি সূর্যই বর্তমান তাৰ ১১ বছৰৰ দীর্ঘ সৌৰচক্র অতিক্রম কৰিছে৷

You might also like