নাবালক বন্দুকধাৰীৰ আক্ৰমণত সহপাঠীৰ প্ৰাণহানি, ৫জন আহত
নিয়মীয়া ডিজিটেল ডেস্ক, ৫ জানুৱাৰী : আমেৰিকাৰ এখন বিদ্যালয়ত নাবালক ছাত্ৰই সহপাঠীক গুলীয়াই হত্যা কৰে। নিৰ্বিচাৰ গুলীচালনাত ৫জন আহত হয়। সূত্ৰই জনোৱা মতে, গুলীচালনাৰ পিছতে আক্ৰমণকাৰীয়ে নিজকো গুলীয়ায়। বিদ্যালয়খনৰ বিভিন্ন স্থানত বিস্ফোৰক সামগ্ৰী লুকুৱাই ৰখাৰ সন্দেহ কৰা হৈছে। মন কৰিবলগীয়া যে আমেৰিকাত বাৰে বাৰে বন্দুকধাৰীয়ে আক্ৰমণ চলাই আহিছে। নতুন বন্দুক আইনখনেও বন্দুকধাৰীৰ আক্ৰমণ বন্ধ কৰিব পৰা নাই। জানিব পৰা মতে, বৃহস্পতিবাৰে আমেৰিকাৰ ল’ৱাৰ প্ৰদেশৰ এখন বিদ্যালয়ত হঠাতে এজন নাবালক বন্দুকধাৰীয়ে আক্ৰমণ চলায়। সেইখন বিদ্যালয়ত তেতিয়া ক্লাছ আৰম্ভ হোৱা নাছিল। অৱশ্যে কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী বিদ্যালয়খনত উপস্থিত আছিল। বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰে এজন ১২ বছৰীয়া ছাত্ৰক। গুলীচালনাত আহত হয় আন চাৰিজন ছাত্ৰ। তদুপৰি বিদ্যালয়খনৰ বিষয়া এজনো আহত হয়। গুলীচালনাৰ পিছতে নিজকে গুলীয়াই হত্যা কৰে ১৭ বছৰীয়া বন্দুকধাৰীয়ে। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে তেওঁৰ মৃতদেহ। আৰক্ষীৰ তথ্য অনুসৰি মৃত ছাত্ৰজন ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ। আহতসকল চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। অৱশ্যে সকলোৰে অৱস্থা সুস্থিৰ বুলি কোৱা হয়।