নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৬৫ বছৰ পূর্বে ফৰাচী নাবিকলৈ লিখা প্রেমপত্র উদ্ধাৰ

🔹 কেমব্রিজ বিশ্ববিদ্যালয়ৰ ইতিহাসবিদে পোহৰলৈ আনিলে পুৰণি তথ্য

বিশেষ বাৰ্তা, ১৩ নৱেম্বৰ : খামত বন্দী ক্ষুদ্র এখন চিঠি৷ নাবিক স্বামীৰ উদ্দেশ্যে লিখা একান্ত ব্যক্তিগত৷ ‘গোটেই নিশা আমি তোমাৰ বাবে অপেক্ষা কৰিব পাৰোঁ..৷ ইতি তোমাৰ প্রিয়তমা পত্নী৷.. এতিয়া মাজনিশা৷ এইবাৰ বোধহয় মই শুই পৰা উচিত৷ শুভৰাত্রি বন্ধু৷’ শেহতীয়াকৈ এনে ধৰণৰ ১০০ৰো বেছি নোখোলা চিঠিৰ পাঠ উদ্ধাৰ কৰিছে কেমব্রিজ বিশ্ববিদ্যালয়ৰ গৱেষক–অধ্যাপক তথা ইতিহাসবিদ হন্যু মৰিক্সে৷ চিঠিবোৰ ১৭৫৭–৫৮ চনৰ ভিতৰত লিখা৷ অন্ততঃ ২৬৫ বছৰ পুৰণি৷ এখন ফৰাচী যুদ্ধ জাহাজৰ নাবিকসকলৰ উদ্দেশ্যে এই পত্রবোৰ লিখিছিল কাৰোবাৰ প্রেমিকা, কাৰোবাৰ পিতৃ–মাতৃ, কাৰোবাৰ পত্নী অথবা সন্তানে৷ কিন্তু চিঠিবোৰ কোনোদিনে নির্দিষ্ট ঠিকনা গৈ নাপালে৷ মৰিক্সে উল্লেখ কৰা অনুসৰি সেই সময়ত আৰম্ভ হৈছিল ‘৭ বছৰৰ যুদ্ধ’৷ পৃথিৱীৰ বিভিন্ন দেশত এই যুদ্ধৰ প্রভাৱ পৰিছিল৷ ব্রিটেইনৰ হাতত ইখনৰ পিছত সিখন ফৰাচী যুদ্ধ জাহাজ বন্দী হৈছিল৷ বন্দী হৈছিল ২০ সহস্রাধিক ফৰাচী নাবিক৷ এনে এখন দুর্ভগীয়া যুদ্ধজাহাজ ‘গিলাটে’ৰ ফার্ষ্ট লেফটেনেণ্ট আছিল লুই চমবাৰঁল্যা৷ লুইৰ পত্নী মাৰিয়ে তেওঁলৈ উক্ত পত্রখন লিখিছিল৷ ফৰাচী ডাক বিভাগৰ তৎপৰতাত বিভিন্ন বন্দৰ ঘূৰি সেই চিঠি গৈ ফিনলেণ্ড পাইছিল৷ এই চিঠিবোৰৰ কেইখনমান খুলি সন্দেহজনক একো বিচাৰি নাপালে ব্রিটিছ সেনাই৷ ব্যক্তিগত চিঠি বাবে সেইবোৰ বন্দীসকলৰ হাতত তুলি দিয়াৰো প্রয়োজনবোধ নকৰিলে ব্রিটিছ বাহিনীয়ে৷ কেমব্রিজ বিশ্ববিদ্যালয়ৰ গ্রন্থাগাৰত এই চিঠিবোৰ এটা বাকচত ৰখা হৈছিল৷ ইতিহাসবিদ মৰিক্সে এইবোৰ খুলি চাই ২৬৫ বছৰীয়া পুৰণি কাহিনী পোহৰলৈ আনিবলৈ সক্ষম হৈছে৷

You might also like