নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রচণ্ড সৌৰ ধুমুহাই খুন্দিয়াব পৃথিৱীক

🔹 পৃথিৱীলৈ আহি আছে শক্তিশালী সৌৰ ধুমুহা

🔹 সতর্ক বার্তা জাৰি কৰিছে জ্যোতির্বিজ্ঞানীয়ে

নিউজ ডেস্ক, ৮ অক্টোবৰ : প্রচণ্ড সৌৰ ধুমুহাই খুন্দিয়াব পৃথিৱীক৷ সতর্ক বার্তা জাৰি কৰিছে জ্যোতির্বিজ্ঞানীসকলে৷ বিজ্ঞানীসকলে দাবী কৰা অনুসৰি বিশ্বজুৰি এই সৌৰ ধুমুহাৰ প্রভাৱ পৰিব৷ বিঘ্নিত হ’ব পাৰে বৈদ্যুতিন যোগাযোগ ব্যৱস্থা৷ অৱশ্যে এতিয়াই নিশ্চিতকৈ ক’ব পৰা হোৱা নাই কেতিয়া পৃথিৱীত এনে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব সৌৰ ধুমুহাই৷ হঠাতে সূর্যৰ বুকুত বিস্ফোৰণ আৰু তাৰ পাছত আয়নিত কণাৰ স্রোত প্রবল শক্তিৰে সৌৰজগতত বিয়পি পৰে৷ এয়াই হৈছে সৌৰ ধুমুহা৷ ইয়াৰ ফলত পৃথিৱীৰ চৌম্বক ক্ষেত্রত ব্যাপক প্রভাৱ পৰে৷ চার্জড পার্টিকল বা আয়নিত কণাৰ ধুমুহাৰ মুখত পৰে পৃথিৱীৰ কক্ষপথত ঘূৰি থকা কৃত্রিম উপগ্রহবোৰ৷ ভাৰতীয় বিজ্ঞানীসকলে পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ‘ইছৰো’ৰ বিশেষজ্ঞসকলে জনাইছে যে দেশৰ কৃত্রিম উপগ্রহবোৰৰ অপাৰেটৰসকলক সতর্ক হৈ থাকিবলৈ নির্দেশ দিয়া হৈছে৷ আগন্তুক কেইটামান দিন গুৰুত্বপূর্ণ৷ কাৰণ কেইদিনমানৰ ভিতৰতে এই ধুমুহাই খুন্দিয়াব পাৰে পৃথিৱীত৷ ইণ্ডিয়ান ইনষ্টিটিউট অৱ এষ্ট্র’ ফিকিক্সৰ সঞ্চালক অন্নপূর্ণী সুব্রমণিয়মে জনোৱা অনুসৰি মে’ মাহত এটা সৌৰ ধুমুহাৰ সৃষ্টি হৈছিল৷ কেইদিনমান পূর্বে সৌৰশিখাৰ যি তীব্রতা দেখিবলৈ পোৱা গৈছে সেয়া যোৱাবাৰৰ সেই সৌৰ ধুমুহাৰ সমতুল্য হ’ব৷ সুব্রমণিয়মে এই কথাও উল্লেখ কৰিছে যে মেগনেটস্ফিয়াৰত ইয়াৰ প্রভাৱ পৰিব৷ সূর্যৰ পৰা পৃথিৱীত এই সৌৰ ধুমুহা আহি পাবলৈ অৱশ্যে কেইদিনমান সময় লাগিব বুলি সঞ্চালকগৰাকীয়ে মন্তব্য কৰিছে৷ লক্ষণীয়ভাৱে পৃথিৱীবাসীৰ জীৱনত ইয়াৰ প্রভাৱ পৰিব নেকি বুলি সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত সুব্রমণিয়মে কয় যে যিকোনো ঘটনা ঘটিব পাৰে৷ নাইবা জীৱকুলত ইয়াৰ প্রভাৱ নপৰিবও পাৰে৷ গতিকে সৌৰ ধুমুহালৈ অপেক্ষা কৰাৰ বাহিৰে অন্য উপায় নাই৷ যোৱা মে’ মাহৰ সৌৰ ধুমুহা যথেষ্ট শক্তিশালী আছিল বুলি উল্লেখ কৰে সুব্রমণিয়মে৷ ইয়াৰ ফলত পৃথিৱীৰ উত্তৰ গোলার্ধৰ আকাশজুৰি সৃষ্টি হৈছিল অঘটন৷ পৃথিৱীৰ চৌম্বক ক্ষেত্রতো ইয়াৰ প্রভাৱ পৰিছিল৷ ইয়াৰ উপৰি ৰেডিঅ’ ব্লেকআউট আৰু বিদ্যুৎ বিপর্যয় ঘটিছিল৷ অৱশ্যে বৃহৎ ক্ষতি হোৱা নাছিল পৃথিৱীৰ উপৰি ভাগত৷ পৃথিৱীৰ চৌম্বক ক্ষেত্র আৰু বায়ুমণ্ডলে ধুমুহাৰ পৰা পৃথিৱীবাসীক নিৰাপদে ৰাখিছিল৷

You might also like