মৃত স্বামীক লৈ ঘৰলৈ ওভতাৰ সময়তে দুর্ঘটনাত ৩ কন্যাসহ মহিলাৰ প্ৰাণহানি
বিশেষ বাৰ্তা, ২৮ জুলাই : হাস্পতালত মৃত্যু হৈছিল এগৰাকী ব্যক্তিৰ ৷ এম্বুলেন্সত মৃতদেহ লৈ ঘৰলৈ উভতিছিল তেওঁৰ পত্নী আৰু চাৰি কন্যা ৷ কিন্তু মাজপথতে এম্বুলেন্সত প্রচণ্ড খুন্দা মাৰে এখন গাড়ীয়ে ৷ এই খুন্দাত দুটুকুৰা হৈ যায় এম্বুলেন্সখন ৷ এই দুর্ঘটনাত মৃত্যু হয় মহিলাগৰাকী আৰু তেওঁৰ তিনি কন্যাৰ ৷ শুকুৰবাৰে এই শোকাৱহ পথ দুর্ঘটনা সংঘটিত হৈছে উত্তৰ প্রদেশৰ উন্নাওত ৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি কানপুৰৰ পৰা মৌৰাবালৈ উভতিছিল পৰিয়ালটো ৷ পুৰবা থানাৰ অন্তর্গত টুছৰৌৰ গাঁৱৰ ওচৰত এম্বুলেন্সখনত এখন গাড়ীয়ে খুন্দিয়াই গাড়ীখনে পলায়ন কৰে৷ এই খুন্দাত এম্বুলেন্সখনৰ সমুখভাগ সম্পূর্ণৰূপে বিধ্বস্ত হোৱাৰ উপৰি মাজতে দুটুকুৰা হৈ যায় ৷ ঘটনাস্থলীতেই মৃত্যু হয় মহিলা আৰু তিনি কন্যাৰ ৷ মহিলাগৰাকীৰ এগৰাকী কন্যা আৰু এম্বুলেন্সৰ চালকজন গুৰুতৰভাৱে আহত হৈ হাস্পতালত চিকিৎসাধীন হৈ আছে৷