২২ বছৰ পাছত দেশলৈ উভতিল এগৰাকী মহিলা
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ ডিচেম্বৰঃ ডুবাইত চাকৰিৰ প্রলোভনেৰে পাকিস্তানলৈ লৈ গৈছিল ট্রেভেল এজেণ্টে৷ ইয়াৰ পাছতো কোনোধৰণৰ শুংসূত্র পোৱা হোৱা নাছিল হামিদা বানোৰ৷ সুদীর্ঘ ২২ বছৰ ভিন্ন দেশত আবদ্ধ হৈ থকাৰ পাছত অৱশেষত ভাৰতলৈ উভতি আহিল ৭০ বছৰ বয়সীয়া হামিদা বানো৷ ছ’চিয়েল মিডিয়াৰ সহায়ত দেশলৈ উভতি অহাটো সম্ভৱ হৈছে হামিদাৰ৷ ২০০২ চনত ডুবাইত ৰান্ধনীৰ চাকৰি পাবলৈ ট্রেভেল এজেণ্টৰ সৈতে যোগাযোগ কৰিছিল মুম্বাইৰ কুর্লাৰ বাসিন্দা হামিদা বানোৱে৷ কিন্তু ডুবাইৰ পৰিৱর্তে ট্রেভেল এজেণ্টে হামিদা বানোক পাকিস্তানলৈ প্রেৰণ কৰে৷ বেআইনীভাৱে পাকিস্তানত প্রৱেশ কৰি গ্রেপ্তাৰৰ ভয়ত আৰক্ষীক কোনো কথা নজনোৱাকৈ আত্মগোপন কৰি থাকে হামিদাই৷ ইয়াৰ মাজতে সিন্ধ প্রদেশৰ হায়দৰাবাদত লজেন্স বিক্রী কৰিছিল তেওঁ৷ লজেন্স ক্রয় কৰা এজন কিশোৰে ছ’চিয়েল মিডিয়াৰ জৰিয়তে হামিদাক ভাৰতলৈ ওভতাৰ সুযোগ দিয়ে৷