মণিপুৰত ঘৰৰ সন্মুখতে মহিলাক গুলীয়াই হত্যা
🔹 মুখ বিকৃত কৰি পলাল দুষ্কৃতিকাৰী
বিশেষ বাৰ্তা, ১৬ জুলাই : মণিপুৰত পুনৰ হিংসাৰ বলি হ’ল এগৰাকী মহিলা। ঘৰৰ সন্মুখতে গুলীয়াই হত্যা কৰে মহিলাগৰাকীক। কেৱল সেয়াই নহয়, মহিলাগৰাকীৰ মুখখনো বিকৃত কৰি দুষ্কৃতিকাৰীয়ে পলাই যায়। ইতিমধ্যে আৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰি দুষ্কৃতিকাৰীৰ সন্ধান অব্যাহত ৰাখিছে। জানিব পৰা মতে, শনিবাৰে সন্ধিয়া সাওমবং অঞ্চলত এগৰাকী মহিলাই ঘৰৰ পৰা ওলাই আহিছিল। তেনেতে হঠাৎ আগ্নেয়াস্ত্ৰ লৈ কিছু লোক উপস্থিত হয় আৰু গুলীচালনা কৰে। ঘটনাত ঘৰৰ সন্মুখতে মৃত্যু হয় ৫০ বছৰীয়া মহিলাগৰাকীৰ। দুৰ্বৃত্তই পলায়ন কৰাৰ পূৰ্বে মহিলাগৰাকীৰ মুখতো আঘাত কৰে। অৱশ্যে এতিয়াও আক্ৰমণকাৰীৰ সন্ধান পোৱা নাই । সমগ্ৰ অঞ্চলটোত আৰক্ষীয়ে তালাচী চলাইছে। স্থানীয় বাসিন্দাসকলৰ বক্তব্যও লোৱা হৈছে।