বিশাল তিমিৰ পেটলৈ গৈও জীৱন ৰক্ষা পৰিল যুৱকৰ
🔹 কিদৰে জীৱন দান পালে চিলিৰ যুৱক আড্রিয়ানে ?
নিউজ ডেস্ক, ১৭ ফেব্রুৱাৰী : বিশাল তিমিৰ পেটলৈ গৈও জীৱন্তে উভতি আহিল যুৱক! শেহতীয়াকৈ এই অবিশ্বাস্য ঘটনা ঘটিছে চিলি উপকূলত৷ লেটিন আমেৰিকান দেশখনৰ পাটাগোনিয়া অঞ্চলৰ হিমশীতল পানীত দুঃসাহসিক নৌকা বিহাৰলৈ গৈছিল পিতৃ আৰু পুত্র৷ হঠাতে বিশাল এটা তিমিয়ে আহি পুত্রক গিলি পেলায়৷ কিন্তু পিছমুহূর্ততে আকৌ উগাৰি যুৱকজনক বাহিৰ কৰি দিয়ে৷ এনে ভয়াৱহ অভিজ্ঞতাৰ সাক্ষী হ’ল পিতৃ–পুত্র৷ সেই ঘটনাৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত৷ হাম্পবেক প্রজাতিৰ তিমিটোৰ পেটলৈ যোৱা ২৪ বছৰ বয়সীয়া যুৱকজনৰ নাম আড্রিয়ান ছিমানকাছ৷ আড্রিয়ানৰ পিতৃৰ নাম ডেল৷ ঘটনাৰ এক ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে আড্রিয়ানৰ পিতৃ ডেলে যেতিয়া সামুদ্রিক জোৱাৰৰ ভিডিঅ’ লৈছিল, তেতিয়াই হঠাতে বিশাল এটা তিমি উঠি আহে ওচৰলৈ৷ মুহূর্ততে তিমিটোৱে আড্রিয়ানক নাওসহ মুখৰ ভিতৰলৈ টানি নিয়ে৷ কিন্তু কেইছেকেণ্ডমানৰ ভিতৰতে পুনৰ যুৱকজনক নাওসহ বাহিৰ কৰি দিয়ে৷ আড্রিয়ানে সংবাদ মাধ্যমক জনাইছে যে তেওঁ এটা বিশাল অন্ধকাৰ গহ্বৰত সোমাই পৰা বুলি অনুভৱ কৰিছিল৷ তিমিটোৱে উগাৰি নিদিয়াহেঁতেন মৃত্যু নিশ্চিত আছিল বুলি আড্রিয়ানে সংবাদ মাধ্যমক জনাইছে৷