নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পথৰ কুকুৰৰ ডিঙিত ওলমিল ‘আধাৰ’ কার্ড

🔹 মুম্বাই পৌৰ নিগমৰ অভিনৱ পদক্ষেপ

বিশেষ বাৰ্তা, ১৮ জুলাই : এতিয়াৰে পৰা পৰিচয়–পত্র ডিঙিত ওলমাই ঘূৰিব পথৰ কুকুৰৰেও। এই ব্যৱস্থা কৰিছে মুম্বাই পৌৰ নিগমে ৷ পৌৰ নিগমৰ তৰফৰ পৰা পথৰ কুকুৰবোৰৰ ডিঙিত ওলমোৱা হ’ল ‘আধাৰ’ কার্ড ৷ মুম্বাই বিমানবন্দৰৰ বাহিৰত ২০টা পথৰ কুকুৰে ইতিমধ্যে নিজৰ আধাৰ কার্ড লাভ কৰিছে৷ আধাৰ কার্ড ডিঙিত ওলমোৱা কুকুৰবোৰৰ টিকাকৰণো কৰিছে প্রশাসনে ৷ ডিঙিত বেল্ট লগাই আধাৰ কার্ড গাঁঠি দিয়াৰ উপৰি তাত ‘কিউআৰ’ ক’ড ৰখা হৈছে৷ কোনো লোকে এই ‘কিউ আৰ’ ক’ড স্কেন কৰিলেই কুকুৰটোৰ নাম–প্রজাতি আদি ম’বাইলত জানিবলৈ সক্ষম হ’ব ৷ কুকুৰটোৰ টিকাকৰণ হৈছে নে নাই, নাইবা কুকুৰটো কিবা ৰোগত আক্রান্ত নেকি, সেই সমস্ত তথ্য জানিবলৈ সক্ষম হ’ব মানুহ ৷

You might also like