মিত্রতাৰ ধর্ম পালন কৰিবলৈ প্রতিশ্রুতিবদ্ধ আপ : কেজৰিৱাল
বিশেষ বাৰ্তা, ৩০ ছেপ্টেম্বৰ : এনডিপিএছ আইনৰ অধীনত ২০১৫ চনৰ গোচৰ এটাত পঞ্জাবৰ কংগ্রেছ বিধায়ক সুখপাল সিং খাইবাক আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ পাছত বিৰোধী ঐক্য গোট ‘ইণ্ডিয়া’ৰ মাজত সংঘাত হোৱা বুলি চর্চাৰ সময়তে ‘ইণ্ডিয়া’ৰ পৰা আপক পৃথক কৰিব নোৱাৰে বুলি স্পষ্ট কৰি দিছে আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে৷ আপে ‘ইণ্ডিয়া’ গোটৰ মিত্রতাৰ ধর্ম পালন কৰিবলৈ প্রতিশ্রুতিবদ্ধ বুলিও কয় মুখ্যমন্ত্রী কেজৰিৱালে৷ ৰাজধানী দিল্লীত এখন সংবাদ মেল সম্বোধন কৰি কোনো কাৰণতে ‘ইণ্ডিয়া’ গোটৰ পৰা আমি পৃথক নহওঁ বুলি কয় কেজৰিৱালে৷ মন কৰিবলগীয়া যে কংগ্রেছ বিধায়কক গ্রেপ্তাৰ কৰাক লৈ পঞ্জাবত আপ আৰু কংগ্রেছৰ মাজত উত্তেজনা বৃদ্ধি পাইছে৷