নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সিন্ধু জল সন্ধি স্থগিতৰ সিদ্ধান্তক আদৰণি আব্দুল্লাৰ, কাশ্মীৰীৰ বাবে অভিশাপ

নিউজ ডেস্ক, ২৬ এপ্ৰিলঃ সিন্ধু জল সন্ধি স্থগিতৰ সিদ্ধান্তক আদৰণি ওমৰ আব্দুল্লাৰ। জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই পেহেলগাম আক্ৰমণৰ পৰিণতিত কেন্দ্ৰই সিন্ধু জল সন্ধি স্থগিত ৰখাৰ সিদ্ধান্তক সমৰ্থন কৰিছে। সংবাদ মাধ্যমক সম্বোধন কৰি ওমৰ আব্দুল্লাই কয় যে এই সন্ধি জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ বাবে “আটাইতকৈ অন্যায় নথি” হৈ আহিছে।

এএনআইৰ উদ্ধৃতিৰে আব্দুল্লাৰ উদ্ধৃতিৰে কোৱা হৈছে যে “ভাৰত চৰকাৰে কিছু পদক্ষেপ লৈছে। জম্মু-কাশ্মীৰৰ ক্ষেত্ৰত আমি কেতিয়াও সিন্ধু জল সন্ধিৰ পক্ষত হোৱা নাই। আমি সদায় বিশ্বাস কৰি আহিছো যে সিন্ধু জল সন্ধি জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ বাবে আটাইতকৈ অন্যায় নথি হৈ আহিছে।” তেওঁ লগতে কয় যে এতিয়া ইয়াৰ মধ্যমীয়াৰ পৰা দীৰ্ঘম্যাদী প্ৰভাৱ কি, সেয়া আমি চাবলৈ অপেক্ষা কৰিব লাগিব।

বুধবাৰে ভাৰতে পাকিস্তানৰ সৈতে কূটনৈতিক সম্পৰ্ক হ্ৰাস কৰি পাকিস্তানী সামৰিক এটেচক বহিষ্কাৰ কৰা, ১৯৬০ চনৰ সিন্ধু জল সন্ধি স্থগিত ৰখা আৰু আটাৰীৰ স্থল ট্ৰেনজিট পোষ্ট তৎকালীনভাৱে বন্ধ কৰাকে ধৰি বহুতো ব্যৱস্থাৰ গ্ৰহণ কৰা হয়। সিন্ধু জল সন্ধি স্থগিত ৰখাক পাকিস্তানে “যুদ্ধসম” বুলি অভিহিত কৰিছে।

আনহাতে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্রীগৰাকীয়ে আন ৰাজ্যৰ জম্মু-কাশ্মীৰৰ বাসিন্দাসকলৰ সুৰক্ষা সন্দর্ভত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ পৰা আশ্বাস পোৱাৰ কথাও প্রকাশ কৰে আৰু গৃহ মন্ত্র্যালয়ৰ পৰা এডভাইজাৰী জাৰি কৰা হ’ব৷ মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকত অমিত শ্বাহে সকলো ৰাজ্যকে নিজৰ ৰাজ্যত থকা পাকিস্তানী নাগৰিকক চিনাক্ত কৰি ওভতাই পঠিয়াবলৈ নিৰ্দেশ দিয়ে বুলি সূত্ৰৰ উদ্ধৃতি দি পিটিআইয়ে প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতে পাকিস্তানী হিন্দুক প্ৰদান কৰা দীৰ্ঘম্যাদী ভিছা (LTV)ৰ বাহিৰে পাকিস্তানী নাগৰিকক প্ৰদান কৰা সকলো ধৰণৰ ভিছা বাতিল কৰি ভাৰত এৰি যাবলৈ কয়।

২০১৯ চনৰ পিছত জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে ২৬জন লোকক গুলীয়াই হত্যা কৰাৰ পিছতে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে যিটো ২০১৯ চনৰ পিছত উপত্যকাটোত সংঘটিত হোৱা আটাইতকৈ ভয়াৱহ আক্ৰমণ। পাকিস্তানস্থিত নিষিদ্ধ লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী সংগঠনৰ গোট ৰেজিষ্টেন্স ফ্ৰণ্টে (টি আৰ এফ) এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে।

You might also like