নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকেইন খাই সমুদ্রৰ উপকূলত হাঙৰৰ অস্বাভাৱিক আচৰণ

🔹 ড্রাগছে বিপন্ন কৰিব সাগৰীয় প্রাণীৰ অস্তিত্ব

বিশেষ বাৰ্তা, ২৪ জুলাই : ব্রাজিলৰ উপকূলৰ সমীপলৈ অস্বাভাৱিক আচৰণ কৰি এজাক হাঙৰে সাঁতুৰি আহিছিল৷ ‘ছার্প নোজ’ প্রজাতিৰ এনে ১৩টা হাঙৰৰ ওপৰত পৰীক্ষা চলোৱাৰ পাছত চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ এই হাঙৰবোৰৰ পেশী আৰু যকৃতত অত্যধিক মাত্রাত কোকেইন পোৱা গৈছে৷ মাজ সমুদ্রত হাঙৰবোৰে কোকেইন কেনেদৰে পালে, তাক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ বিজ্ঞানীসকলৰ মাজত এই বিষয়টোক লৈ বৃদ্ধি পাইছে কৌতূহল৷ বিভিন্নজনে দাবী কৰা অনুসৰি ড্রাগ্ছ প্রস্তুত কৰা অবৈধ পৰীক্ষাগাৰবোৰৰ পৰাই বিষাক্ত পানী আহি সাগৰত মিহলি হৈছে৷ এই বিষাক্ত পানী হাঙৰৰ পেটলৈ গৈছে৷ একাংশই দাবী কৰা অনুসৰি, ড্রাগছ সেৱনকাৰীসকলৰ পৰা বৃহৎ পৰিমাণৰ ড্রাগছ সমুদ্রত মিহলি হৈছে৷ কিন্তু বিজ্ঞানীসকলে দাবী কৰিছে যে দশকৰ পাছত দশক ধৰি বাজেয়াপ্ত কৰা ড্রাগছ সমুদ্রত পেলাই দিয়াৰ ফলতেই সমুদ্রৰ জীৱকুললৈ নামি আহিছে ভাবুকি৷ এই ড্রাগছ ভক্ষণ কৰাৰ ফলত হাঙৰবোৰৰ আচৰণ অস্বাভাৱিক হৈ পৰা বুলি বিজ্ঞানীসকলে ধাৰণা কৰিছে৷ পৰীক্ষা কৰি বিজ্ঞানীসকলে দেখিবলৈ পাইছে যে অন্যান্য সামুদ্রিক প্রাণীৰ দেহতো কোকেইনৰ উপস্থিতি ধৰা পৰিছে৷ কিন্তু হাঙৰৰ যকৃৎ আৰু পেশীত পোৱা কোকেইনৰ পৰিমাণ অন্য প্রাণীৰ দেহত পোৱা কোকেইনৰ তুলনাত এশ গুণ বেছি৷

You might also like