অভিনেত্রী–ৰাজনীতিক জয়া প্রদাক ৬ মাহৰ কাৰাবাস
📌 থিয়েটাৰ কর্মীক অনাদায় ইএছআইৰ ধন
বিশেষ বাৰ্তা, ১২ আগষ্ট : বলীউডৰ প্রবীণ অভিনেত্রী, ৰাজনীতিক জয়া প্রদাক পুৰণি গোচৰ এটাত ৫,০০০ টকা জৰিমনাসহ ৬ মাহৰ কাৰাবাস বিহিছে চেন্নাইৰ আদালতে ৷ জয়া প্রদা চিনে থিয়েটাৰৰ কর্মীক ইএছআইৰ ধন অর্থাৎ বৰঙণি প্রদান নকৰাৰ অভিযোগৰ ভিত্তিত ৰুজু হোৱা এটা গোচৰৰ ৰায়দান কৰি চেন্নাইৰ আদালতে অভিনেত্রীগৰাকীক ৫০০০ টকা জৰিমনা বিহাৰ লগতে ৬ মাহৰ কাৰাদণ্ড বিহে ৷ উল্লেখ্য যে জয়া প্রদাই তেওঁৰ ভাতৃ ৰাজবাবুৰ সৈতে জয়া প্রদা চিনে থিয়েটাৰ প্রতিষ্ঠা কৰিছিল ৷ সেই প্রতিষ্ঠানৰ কর্মীসকলক ইএছআইৰ ধন নিদিয়াৰ বাবে ইএছআই ক’ৰ্পৰেচনে জয়া প্রদাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ৷ ১৯৯১ চনৰ নৱেম্বৰৰ পৰা ২০০২ চনৰ ছেপ্টেম্বৰলৈকে থিয়েটাৰ কর্মীৰ ইএছআইৰ ধন ৮,১৭,৭৯৪ টকা অনাদায় হৈ থকাৰ পৰিপ্রেক্ষিতত ইএছআই ক’ৰ্পৰেচনে ৰুজু কৰা গোচৰৰ ভিত্তিত চেন্নাইৰ আদালতে সেই ধনখিনি আদায় দিবলৈ নির্দেশ দিয়ে যদিও অভিনেত্রী–ৰাজনীতিক জয়া প্রদাই সেয়া পৰিশোধ কৰা নাই৷ ইয়াৰ বাবেই চেন্নাইৰ আদালতে ৫০০০ টকা জৰিমনাসহ ৬ মাহৰ কাৰাবাস বিহে৷ উল্লেখ্য যে বলীউডৰ একালৰ জনপ্রিয় অভিনেত্রী জয়া প্রদাই সমাজবাদী পার্টীৰ ৰাজ্যসভা আৰু লোকসভাৰ সাংসদ হৈছিল ৷ পাছলৈ ২০১৯ চনত বিজেপিত যোগদান কৰে ৷