সৌৰশক্তিৰ লোভনীয় ঠিকা : ভাৰত চৰকাৰৰ বিষয়াক ২,২৩৭ কোটিৰ ঘোচ আদানিৰ
🔹 ভাৰতীয় বিলিয়নাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আমেৰিকাৰ আদালতৰ
🔹 আদানিৰ বিৰুদ্ধে উত্থাপিত উৎকোচৰ গোচৰটো কি?
নিউজ ডেস্ক, ২২ নৱেম্বৰ : পুনৰ সংকটত পৰিছে ভাৰতীয় উদ্যোগপতি, ধনকুবেৰ গৌতম আদানি৷ মার্কিন সংস্থা হিণ্ডেনবার্গ ৰিছার্চৰ অর্থনৈতিক কেলেংকাৰি প্রতিবেদনৰ সংকটৰ পৰা মুক্ত নৌহওঁতেই এইবাৰ আমেৰিকা যুক্তৰাষ্ট্রত উৎকোচৰ গোচৰত অভিযুক্ত হৈছে বিশ্বৰ ধনাঢ্য ব্যক্তি গৌতম আদানি৷ মার্কিন যুক্তৰাষ্ট্রৰ নিউয়র্কৰ জিলা আদালতে সৌৰশক্তিৰ ঠিকা লাভ কৰাৰ বাবে ভাৰত চৰকাৰৰ বিষয়াক ২,২৩৭ কোটি টকা উৎকোচ আৰু প্রৱঞ্চনাৰ বাবে গৌতম আদানিৰ বিৰুদ্ধে গ্রেপ্তাৰী পৰোৱানা জাৰি কৰিছে৷ আদানি গ্রীন এনার্জীৰ স্বত্বাধিকাৰী গৌতম আদানিৰ লগতে ভতিজাক সাগৰ আদানি আৰু আন ছয়জন ব্যক্তিৰ বিৰুদ্ধে আমেৰিকাৰ আদালতত উৎকোচ আৰু প্রৱঞ্চনাৰ গোচৰ ৰুজু হৈ আছে৷ এই গোচৰৰ ভিত্তিতে নিউয়র্কৰ জিলা আদালতে গৌতম আদানি, সাগৰ আদানিলৈ গ্রেপ্তাৰী পৰোৱানা জাৰি কৰাৰ পিছতে দেশৰ ৰাজনীতি উত্তাল হৈ পৰিছে৷ মহাসংকটত পৰিছে বিলিয়নাৰ গৌতম আদানি আৰু তেওঁৰ সংগী৷ মার্কিন আদালতৰ তথ্য মতে, গৌতম আদানিক উৎকোচ আৰু প্রৱঞ্চনাৰ গোচৰত অভিযুক্ত কৰা হৈছে৷ সৌৰশক্তি প্রকল্পৰ ঠিকা লাভ কৰাৰ বাবে আদানি গ্রীন এনার্জীয়ে কেন্দ্রীয় চৰকাৰৰ বিষয়াৰ জৰিয়তে অন্ধ্রপ্রদেশ, ছত্তিশগড়, ওড়িশা, জম্মু–কাশ্মীৰ আৰু তামিলনাডুৰ চৰকাৰক হেঁচা প্রয়োগ কৰিছিল৷ এই ঠিকা লাভৰ বাবে গৌতম আদানিয়ে চৰকাৰী বিষয়াক ২,২৩৭ কোটি টকা আদায় দিছিল৷ মন কৰিবলগীয়া যে কেন্দ্রীয় চৰকাৰৰ বিষয়াৰ জৰিয়তে ৰাজ্য চৰকাৰক হেঁচা প্রয়োগ কৰি ৰাজ্যসমূহৰ বিদ্যুৎ বিতৰণ কোম্পানীৰ ঠিকা লাভৰ বাবেই আদানিয়ে এই পন্থা গ্রহণ কৰিছিল৷ আমেৰিকা যুক্তৰাষ্ট্রৰ বেংক আৰু বিনিয়োগকাৰীৰ তথ্যৰ আধাৰতে নিউয়র্কৰ জিলা আদালতত গৌতম আদানি আৰু আন সাতজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু এই গোচৰৰ অভিযোগনামাত অভিযুক্ত হৈছে গৌতম আদানি আৰু আন সাতজন৷ সৌৰশক্তি প্রকল্পৰ বাবেই ২০২১ চনৰ পৰা ২০২৩ চনলৈকে গৌতম আদানিয়ে ওড়িশা (নবীন পাটনায়কৰ বিজেডিশাসিত), তামিলনাডু (ডিএমকেশাসিত), ছত্তিশগড় (কংগ্রেছশাসিত), জম্মু–কাশ্মীৰ (কেন্দ্রীয় চৰকাৰশাসিত) আৰু অন্ধ্রপ্রদেশ (জগন ৰেড্ডীৰ ৱাইএছআৰ কংগ্রেছশাসিত)ত শক্তি বিতৰণ কোম্পানীৰ দায়িত্ব লাভৰ বাবে উৎকোচ প্রদান কৰিছিল৷ আমেৰিকান আদালতত গৌতম আদানিৰ বিৰুদ্ধে উৎকোচ আৰু প্রৱঞ্চনাৰ গোচৰৰ যি তথ্য প্রকাশ পাইছে, সেয়া ভিত্তিহীন বুলি দাবী কৰিছে আদানি গ্রুপে৷ আদানি গ্রুপে আদালতত উৎকোচ গোচৰৰ অভিযোগনামাত গৌতম আদানিৰ বিৰুদ্ধে যি তথ্য প্রকাশ পাইছে, সেয়া ভিত্তিহীন বুলি দাবী কৰি এক বিবৃতি প্রকাশ কৰিছে৷ এই মিথ্যা অভিযোগৰ বাবেই আদানি গ্রুপে সকলো সম্ভাব্য আইনী ব্যৱস্থা গ্রহণ কৰিব বুলিও বিবৃতিত প্রকাশ কৰা হৈছে৷
আদানিৰ বিৰুদ্ধে উত্থাপিত উৎকোচৰ গোচৰটো কি?
সৌৰশক্তিৰ ঠিকা লাভ কৰিবলৈ ভাৰত চৰকাৰৰ বিষয়াক ২,২৩৭ কোটি টকা উৎকোচ আদায় দিয়াৰ অভিযোগ ধনকুবেৰ গৌতম আদানি আৰু আন সাত ব্যক্তিৰ বিৰুদ্ধে৷ আমেৰিকাৰ আদালতত প্রকাশ পোৱা মতে, আমেৰিকা যুক্তৰাষ্ট্রৰ বেংক আৰু বিনিয়োগকাৰীৰ পৰা লাভ কৰা তথ্যত আদানি গ্রুপে সৌৰশক্তিৰ ঠিকা লাভ কৰাৰ বাবে ভাৰত চৰকাৰৰ বিষয়াক ২৬৫ মিলিয়ন মার্কিন ডলাৰ তথা ২,২৩৭ টকা আদায় দিছে৷ আদানি গ্রুপে সৌৰশক্তি প্রকল্পৰ বাবে পুঁজি সংগ্রহ কৰা আমেৰিকাৰ বেংক আৰু বিনিয়োগকাৰীৰ পৰা সেই উৎকোচ প্রদানৰ তথ্য আদালতে লাভ কৰিছে৷ যদিও এই উৎকোচ গোচৰটো ভাৰতীয় বিষয়াৰ সৈতে জড়িত, তথাপি আমেৰিকাৰ আইনে দুর্নীতিৰ গোচৰটো আদালতত চলাব পাৰে, যদিহে এই দুর্নীতিত আমেৰিকান বিনিয়োগকাৰী অথবা বজাৰ জড়িত হৈ থাকে৷ এনে কাৰণতে ধনকুবেৰ গৌতম আদানিৰ বিৰুদ্ধে নিউয়র্কৰ আদালতত গোচৰ ৰুজু হৈছে আৰু এই গোচৰৰ অভিযোগনামাত গৌতম আদানি আৰু আন সাতজনৰ নাম অন্তর্ভুক্ত হৈছে৷ আদালতৰ অভিযোগনামাত উল্লেখ কৰা মতে, আদানিয়ে অন্ধ্রপ্রদেশত বিদ্যুৎ বিতৰণৰ দায়িত্ব লাভ কৰাৰ বাবে ২০২১ চনত বিদেশী বিষয়াৰ সৈতে কেইবাবাৰো সাক্ষাৎ হৈছিল৷ আদানিয়ে ২০২১ চনৰ ৭ আগষ্ট, ১২ ছেপ্টেম্বৰ আৰু ২০ নৱেম্বৰত অন্ধ্রপ্রদেশত বিদ্যুৎ বিতৰণৰ দায়িত্ব লাভ কৰাৰ বাবে বিদেশী বিষয়াক ব্যক্তিগতভাৱে সাক্ষাৎ কৰিছিল৷ ইয়াৰ পিছতে অন্ধ্র বিদ্যুৎ বিতৰণ কোম্পানীয়ে এছইচিআইৰ সৈতে এক চুক্তিত উপনীত হয়৷ চুক্তি অনুসৰি সৌৰ বিদ্যুৎ ৭ জিগাবাইট ক্রয় কৰিবলৈ সক্ষম হয়, যিটো আন ৰাজ্যৰ তুলনাত বৃহৎ পৰিমাণৰ বিদ্যুৎ৷ ২০২১ চনৰ জুলাইৰ পৰা ২০২২ চনৰ ফেব্রুৱাৰীলৈকে ওড়িশা, জম্মু–কাশ্মীৰ, ছত্তিশগড় আৰু তামিলনাডুয়েও সৌৰশক্তিৰ বাবে চুক্তি কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছিল৷ আদালতত অধিবক্তাই উল্লেখ কৰা মতে, উৎকোচ কেলেংকাৰি গোপন কৰিবলৈ আনকি ক’ড নাম ব্যৱহাৰ কৰিছিল৷ এই ক’ড নাম অনুসৰি গৌতম আদানিক ‘নিউমেৰো উনো’ অথবা ‘দ্য বিগ মেন’ বুলি কোৱা হৈছিল৷ এই সকলো যোগাযোগ মেছেজৰ দ্বাৰা চলিছিল৷ এই ঠিকা লাভেৰে আদানি গ্রুপে দুই বিলিয়ন মার্কিন ডলাৰ উর্পাজনৰ লক্ষ্য লৈছিল বুলিও অভিযোগনামাত উল্লেখ কৰা হৈছে৷ আদালতত উল্লেখ কৰা মতে, গৌতম আদানিক ইণ্ডিয়ান কোম্পানীৰ প্রতিষ্ঠাতা আৰু অধ্যক্ষ হিচাপে উল্লেখ কৰাৰ বিপৰীতে সাগৰ আদানিক গ্রীন এনার্জীৰ কার্যবাহী সঞ্চালক হিচাপে উল্লেখ কৰা আছে৷