নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫,০০০ কোটিৰে ছাংঘি গোষ্ঠীৰ অংশীদাৰিত্ব ক্রয় আদানিৰ

📌 চিমেণ্টৰ ব্যৱসায়ত অম্বুজাৰ নতুন সংকল্প
বিশেষ বাৰ্তা, ৬ আগষ্ট : চলিত বর্ষৰ আৰম্ভণিতে আমেৰিকাৰ শ্বর্টছেলাৰ প্রতিষ্ঠান হিণ্ডেনবার্গৰ প্রতিবেদনৰ পিছত ধনকুবেৰ গৌতম আদানিৰ সাম্রাজ্যত কঁপনি উঠিছিল৷ ভাৰতৰ অন্যতম বৃহৎ বহুজাতিক সংস্থা আদানি গোষ্ঠী হিণ্ডেনবার্গৰ প্রতিবেদনৰ পিছত বৃহৎ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয়৷ মুহূর্তৰ ভিতৰতে আদানি গোষ্ঠীৰ শ্বেয়াৰ দৰ হ্রাস পাইছিল৷ ইয়াৰ পিছতে ঋণৰ বোজা কমাই ব্যৱসায়িক পৰিসৰ বৃদ্ধিৰ পথত আগবঢ়াৰ সংকল্প লয় আদানি গোষ্ঠীৰ মুৰব্বী গৌতম আদানিয়ে৷ সেই সলনি হোৱা নীতিৰ অন্যতম পদক্ষেপ হিচাপে আদানি গোষ্ঠীৰ অম্বুজা চিমেণ্টে ক্রয় কৰে ছাংঘি ইণ্ডাষ্ট্রিজৰ অংশীদাৰিত্ব ৷ হিণ্ডেনবার্গৰ প্রতিবেদনৰ পিছত এয়া আদানিৰ প্রথমটো বৃহত্তম অধিগ্রহণৰ পদক্ষেপ৷ ছাংঘি ইণ্ডাষ্ট্রিজৰ ৫৬.৭৪ শতাংশ অংশীদাৰিত্ব ক্রয় কৰিছে অম্বুজা চিমেণ্টে৷ ইয়াৰ বাবে খৰচ হৈছে ৫,০০০ হাজাৰ কোটি টকা৷ ইয়াৰ পিছতে মুকলি বজাৰৰ পৰা সাধাৰণ বিনিয়োগকাৰীসকলৰ হাতত থকা ২৬ শতাংশ শ্বেয়াৰো ক্রয় কৰিব অম্বুজা চিমেণ্টে৷ অর্থাৎ ছাংঘি ইণ্ডাষ্ট্রিজৰ মুঠ ৮২.৭৪ শতাংশ শ্বেয়াৰৰ গৰাকী হ’ব অম্বুজা চিমেণ্ট৷

You might also like