ভাৰতীয় সেনা বাহিনীলৈ অতিৰিক্ত ৫০ হাজাৰ কোটি
🔹 আন্তর্জাতিক মঞ্চলৈ সর্বদলীয় দল পঠিয়াব কেন্দ্রীয় চৰকাৰে
নিউজ ডেস্ক, ১৭ মে’ : পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় সেনা-ৰ অপাৰেচন সিন্দূৰক লৈ বিশ্বজুৰি চর্চা অব্যাহত আছে৷ ভাৰতীয় সেনাই দেশীয়ভাৱে নির্মিত ব্রাহ্মোছ মিছাইলেৰে পাকিস্তানক ত্রাহি মধুসূদন দেখুওৱা বিষয়টোও চর্চিত হৈ আছে৷ এই সময়তেই ভাৰতীয় সেনাক উজ্জীৱিত কৰি তুলিবলৈ কেন্দ্রীয় চৰকাৰে প্রতিৰক্ষা বাজেটত অতিৰিক্ত ৫০ হাজাৰ কোটি টকাৰ অনুমোদন জনাইছে৷
অপাৰেচন সিন্দূৰৰ সফলতাৰ পাছত ভাৰতীয় সেনাক আৰু অধিক শক্তিশালী কৰাৰ বাবে প্রতিৰক্ষা সা–সামগ্রী ক্রয় আৰু দেশীয়ভাৱে বিকাশৰ বাবে প্রতিৰক্ষা বাজেটত ৫০ হাজাৰ কোটি টকা অতিৰিক্তকৈ অনুমোদন জনোৱা হৈছে৷ উল্লেখ্য যে ২০২৫–২৬ বর্ষত প্রতিৰক্ষা বাজেটত অভিলেখসংখ্যক ৬.৮১ লাখ কোটি টকা নির্ধাৰণ কৰা হৈছে৷ চৰকাৰে পুনৰ অতিৰিক্তকৈ ৫০ হাজাৰ কোটি টকা অনুমোদন জনোৱাত প্রতিৰক্ষা বাজেট ৭ লাখ কোটি টকা অতিক্রম কৰে৷ কেন্দ্রীয় চৰকাৰৰ এই অতিৰিক্ত বাজেটৰ ধন অহা শীতকালীন অধিৱেশনত অনুমোদন হ’ব৷
ইপিনে, পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ অপাৰেচন সিন্দূৰৰ সফলতা আৰু সীমান্তৰ সিপাৰৰ সন্ত্রাসবাদক আন্তর্জাতিক পর্যায়ত সঠিকভাৱে উপস্থাপন কৰাৰ লক্ষ্যৰে সর্বদলীয় সাংসদৰ দল এটা প্রেৰণ কৰিব কেন্দ্রীয় চৰকাৰে ৷ সকলো ৰাজনৈতিক দলৰ সাংসদক লৈ এই প্রতিনিধি দলটোৱে বিশ্বৰ দেশসমূহলৈ গৈ ভাৰতৰ বিৰুদ্ধে পাকিস্তানে চলোৱা অপপ্রচাৰ উদঙাই দি পাকিস্তানৰ সন্ত্রাসবাদী আৰু অপাৰেচন সিন্দূৰৰ সফলতাৰ বিষয়টোও দাঙি ধৰিব৷
কেন্দ্রীয় বৈদেশিক মন্ত্রালয়ৰ উদ্যোগত এই সাংসদৰ প্রতিনিধি দলটো বিশ্বৰ বিভিন্ন দেশলৈ যাব৷ দলটোৱে জম্মু–কাশ্মীৰৰ বিষয়টোৰ লগতে সীমান্তৰ সিপাৰৰ সন্ত্রাসবাদক লৈ পাকিস্তানৰ মিথ্যাচাৰ উদঙাই দিব৷ বিদেশ ৰাষ্ট্রৰ লগতে বিভিন্ন দেশৰ জনপ্রতিনিধিৰ সৈতেও মিলিত হ’ব এই প্রতিনিধি দলটো৷