ছ’চিয়েল মিডিয়াত সংগীতৰ ভিডিঅ’ আপলোড কৰি আফগান মহিলাৰ আলোড়ন
নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ মধ্য এছিয়াৰ ৰাষ্ট্র আফগানিস্তানত ৰাজহুৱা স্থানত কিশোৰী–যুৱতীসকলক্ গান গোৱাৰ ক্ষেত্রত যোৱা সপ্তাহত নিষিদ্ধ কৰিছিল শিক্ষা বিভাগে৷ এই বিষয়টোক লৈ ছ’চিয়েল মিডিয়াত তীব্র প্রতিক্রিয়া সৃষ্টি হোৱাৰ পিছতে শিক্ষা বিভাগে নিষেধাজ্ঞা প্রত্যাহাৰ কৰিবলৈ বাধ্য হৈছে৷
উল্লেখনীয় যে আফগান চৰকাৰৰ নিষেধাজ্ঞাৰ বিৰুদ্ধে দেশখনৰ মহিলাসকলে জনপ্রিয় সংগীত পৰিৱেশন কৰি ছ’চিয়েল মিডিয়াত ভিডি’ আপলোড কৰিছিল৷ ইয়াৰ উপৰি শিক্ষা বিভাগৰ নিষেধাজ্ঞাক তীব্র গৰিহণা দিছিল নাৰী অধিকাৰ কর্মীসকলে৷ স্মর্তব্য যে তালিবান তথা কট্টৰ ইছলামিষ্ট গোটসমূহে দেশখনত মহিলাৰ সংগীত পৰিৱেশন নিষিদ্ধ কৰি থৈছে৷
অনুৰূপ কাম চৰকাৰেও কৰা বুলি প্রতিবাদ সাব্যস্ত হোৱাৰ লগে লগে শিক্ষা মন্ত্রালয়ে কালি নিশা এক বিবৃতিযোগে সদৰী কৰিছে যে নিষেধাজ্ঞাই মন্ত্রালয়ৰ স্থিতি তথা নীতিৰ প্রতিফলন নঘটায়৷ অর্থাৎ এই নিষেধাজ্ঞাত শিক্ষা বিভাগৰ কোনোধৰণৰ অনুমোদন নাই বুলি স্পষ্ট কৰি দিছে৷