ক্রয় কৰাৰ পাছতেই দাওদাওকৈ জ্বলিল বিলাসী গাড়ী
🔹 জাপানৰ যুৱকৰ ১০ বছৰীয়া পৰিশ্রমৰ ফল মুহূর্ততে পুৰি ছাই
নিউজ ডেস্ক, ২৬ এপ্রিল : মাখিৰ মূৰৰ ঘি কঢ়াৰ দৰে ন্যূনতম উপার্জনৰ পৰা এটকা–দুটকাকৈ জমা কৰি স্বপ্ণক বাস্তৱ ৰূপ দিছিল এজন যুৱকে৷ প্রায় ১০ বছৰ ধৰি এনেদৰে ধন জমা কৰি আঢ়ৈ কোটি টকাৰে ক্রয় কৰিছিল এখন ফেৰাৰী গাড়ী৷ কিন্তু গাড়ীখন ক্রয় কৰি ঘৰলৈ ওভতাৰ সময়তে সেইখন পুৰি ছাই হ’ল৷ পথৰ দাঁতিত থিয় হৈ গাড়ীৰ সৈতে স্বপ্ণক ছাই হোৱা দেখি হতাশাত ভাগি পৰে যুৱকজন৷ ঘটনাটো ঘটিছে জাপানৰ পথত৷ ৩৩ বছৰ বয়সীয়া সংগীত প্রযোজক হনকনে ফেৰাৰী ৪৫৮ স্পাইডাৰ মডেলৰ গাড়ীখন ক্রয় কৰিছিল৷ ক্রয় কৰাৰ পাছতে সেইখন চলাই ঘৰলৈ উভতিছিল হনকনে৷ কিন্তু গাড়ীখনৰ ভিতৰত হঠাতে জুইৰ শিখা দেখিবলৈ পায় যুৱকজনে৷ লগে লগে গাড়ীৰ পৰা তেওঁ নামি আহে৷ কিন্তু মুহূর্তৰ ভিতৰতে গাড়ীখনৰ ভিতৰভাগ পুৰি ছাই হয়৷ সন্মুখৰ বনেটৰ বাহিৰে সকলো নিমিষতে জুয়ে গ্রাস কৰে৷ এই ঘটনা দেখি হতবাক হৈ পৰে যুৱকজন৷ বিলাসী এই গাড়ীখন তেওঁ মাত্র ক্রয় কৰিবলৈ এঘণ্টা হৈছিল৷ এই এঘণ্টা সময়ৰ ভিতৰতে তেওঁৰ ১০ বছৰৰ পৰিশ্রমৰ ধন ছাই হৈ যায়৷ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী৷ ২০ মিনিটৰ ভিতৰত জুই নুমুওৱাটো সম্ভৱ হয় যদিও ইতিমধ্যে গাড়ীখনৰ ভিতৰভাগ পুৰি ছাই হৈছিল৷ অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই৷ এনে বিলাসী গাড়ী এখন কি কাৰণত হঠাতে অগ্ণিকাণ্ডত পুৰি ছাই হ’ল, সেই ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে৷ সংগীত প্রযোজকগৰাকীয়ে ছ’চিয়েল মিডিয়াৰ এক পোষ্টত উল্লেখ কৰিছে যে মাত্র এঘণ্টাৰ ভিতৰতে নতুন গাড়ী এখন ক্রয় কৰাৰ পাছত কিয় এনে অঘটন ঘটিল, সেয়া আশ্চর্যৰ বিষয়৷ সমগ্র জাপানত এনে ঘটনাৰ সন্মুখীন কোনো গ্রাহক হ’বলগীয়া হোৱা নাই বুলিও হনকনে পোষ্টটোত উল্লেখ কৰে৷