আমেৰিকাৰ আক্ৰমণৰ পিছত যুদ্ধোন্মাদ ইৰান, ইজৰাইলত অহৰহ চাইৰেন
আক্ৰমণত আমেৰিকাই প্ৰথমবাৰৰ বাবে নিজৰ আটাইতকৈ শক্তিশালী বোমা প্ৰযুক্তি GBU-57A অৰ্থাৎ ‘Bunker Buster’ ব্যৱহাৰ কৰিছিল। ১৩,৬০০ কিলোগ্ৰাম ওজনৰ এই বোমাবোৰ ইমানেই মাৰাত্মক আছিল যে আনকি ৬০-৯০ মিটাৰ গভীৰতাত নিৰ্মিত ফৰ্ডো পাৰমাণৱিক স্থানটোও ধ্বংস হৈছিল
আমেৰিকাৰ আক্ৰমণৰ পিছত যুদ্ধোন্মাদ ইৰান, ইজৰাইলত অহৰহ চাইৰেন
নিউজ ডেস্ক, ২৩ জুনঃ মধ্যপ্ৰাচ্যৰ যুদ্ধই এতিয়া আটাইতকৈ বিপজ্জনক ৰূপত উপনীত হৈছে। এতিয়া আনকি আমেৰিকাও ইৰান আৰু ইজৰাইলৰ সংঘাতৰ জুইত মুকলিকৈ জঁপিয়াই পৰিছে। ইৰানৰ তিনিটা পাৰমাণৱিক ঘাটি – ফৰ্ডো, নাটাঞ্জ আৰু ইছফাহানত ইতিহাসৰ আটাইতকৈ সফল সামৰিক আক্ৰমণ আমেৰিকাই সংঘটিত কৰিছে।
ইফালে পাকিস্তান জঁপিয়াই পৰিছে। পাকিস্তানৰ বৈদেশিক মন্ত্ৰী ইছহাক দাৰে এক্স পোষ্টত মন্তব্য কৰিছে যে ইৰানৰ অনুৰোধত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠক আহ্বান কৰা হৈছে। ইয়াক পাকিস্তান, চীন আৰু ৰাছিয়াই সমৰ্থন কৰে। ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ বৃহৎ আক্ৰমণৰ পিছত এই কূটনৈতিক আলোড়ন তীব্ৰতৰ হৈ পৰিছে।
পাকিস্তানে এই আক্রমণক আন্তর্জাতিক মঞ্চত উত্থাপন কৰিব বিচাৰিছে বুলি পাকিস্তানৰ সমর্থনে প্রকাশ কৰিছে৷ ইফালে আমেৰিকাই তুৰস্ক, জৰ্ডান, কুৱেইটকে ধৰি বহু দেশক সষ্টম হৈ থাকিবলৈ কৈছে। কাৰণ ইৰানে প্ৰতিশোধ ল’ব পাৰে আৰু আমেৰিকাৰ ঘাটিসমূহক লক্ষ্য কৰি ল’ব পাৰে বুলি আশংকা কৰা হৈছে।
ইফালে ইৰানৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ডছ কৰ্পছে কয় যে আমি ইৰানৰ আক্ৰমণ কৰা ঠাইবোৰ চিনাক্ত কৰিছো। ইয়াৰ প্ৰতি আমি নিশ্চয় সঁহাৰি দিম। ইয়াৰ পূৰ্বে ট্ৰাম্পে কৈছিল, ‘FORDOW IS GONE’। অৰ্থাৎ ফৰ্ড’ৰ আৰু অস্তিত্ব নাই। ইয়াৰ বাবে ক্ষুব্ধ হৈ ইৰানে এতিয়া প্ৰতিআক্ৰমণ আৰম্ভ কৰিছে। ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্ৰৰ বৰষুণ আৰম্ভ কৰিছে ইৰানে।
টেল আভিভত বাজি আছে চাইৰেন। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে মানুহক সুৰক্ষিত থাকিবলৈ কয়। ইফালে ইজৰাইলে এটা ডাঙৰ বিবৃতি দিছে। ইজৰাইল সেনাই কয় যে ইৰানত আমাৰ লক্ষ্য এতিয়াও পূৰণ হোৱা নাই। আমাৰ লক্ষ্য পূৰণ নোহোৱালৈকে আক্ৰমণ চলি থাকিব। ইৰানে আমেৰিকাক আক্ৰমণ কৰিবনে? সমগ্ৰ বিশ্বই এই কথা চাই আছে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁৰ সকলো কাৰ্যসূচী বাতিল কৰিছে। প্ৰতিটো মুহূৰ্তত তেওঁ চকু ৰাখিছে। চোৰাংচোৱা সংস্থাসমূহ সতৰ্ক অৱস্থাত আছে। যৌথ মুখ্য কৰ্মচাৰীৰ অধ্যক্ষ জেনেৰেল ডেন কেন আৰু প্ৰতিৰক্ষা সচিব পিট হেগছেথে পুৱা ৮ বজাত পেন্টাগনত আমেৰিকাৰ অভিযানৰ বিষয়ে সাংবাদিকসকলক অৱগত কৰিবলৈ সাজু হৈছে।
এই আক্ৰমণত আমেৰিকাই প্ৰথমবাৰৰ বাবে নিজৰ আটাইতকৈ শক্তিশালী বোমা প্ৰযুক্তি GBU-57A অৰ্থাৎ ‘Bunker Buster’ ব্যৱহাৰ কৰিছিল। ১৩,৬০০ কিলোগ্ৰাম ওজনৰ এই বোমাবোৰ ইমানেই মাৰাত্মক আছিল যে আনকি ৬০-৯০ মিটাৰ গভীৰতাত নিৰ্মিত ফৰ্ডো পাৰমাণৱিক স্থানটোও ধ্বংস হৈছিল। আক্ৰমণ কৰিবলৈ অহা ৬খন বি-২ স্পিৰিট ষ্টেলথ বোমাৰু বিমানে মুঠ ১২টা বাংকাৰ বাষ্টাৰ নিক্ষেপ কৰাৰ বিপৰীতে বি-২ এখনে নাটাঞ্জৰ ওপৰত আৰু ২টা বোমা নিক্ষেপ কৰে। একে সময়তে আমেৰিকাৰ নৌসেনাৰ চাবমেৰিনে নাটানজ আৰু ইছফাহানৰ ওপৰত ৩০টা টমাহক ক্ৰুজ মিছাইল নিক্ষেপ কৰে।
ট্ৰাম্পে কয়, ‘মধ্যপ্ৰাচ্যৰ সন্ত্ৰাসবাদী সমৰ্থক ইৰান। আমি শক্তি দেখুৱালোঁ, এতিয়া শান্তিৰ সময়।’ কিন্তু ইৰাণৰ সঁহাৰি ইয়াতকৈ বহু বেছি বিস্ফোৰক আছিল। ৰিভল্যুচনেৰী গাৰ্ডে কয়, ‘এতিয়া আমাৰ বাবে যুদ্ধ আৰম্ভ হৈছে। য’তেই দেখা পায় তাতেই মাৰি পেলাওক।’ খামেনেইৰ প্ৰতিনিধিয়ে লগতে কয় যে ‘বাহৰেইনত আমেৰিকাৰ নৌসেনাক আক্ৰমণ কৰি হৰমুজ জলদ্বীপ বন্ধ কৰক।’