এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰুৰী অৱতৰণ
বিশেষ বাৰ্তা, ৬ জুনঃ দিল্লীৰ পৰা ছান ফ্ৰান্সিস্কোলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমান এখন মঙলবাৰে ইঞ্জিন বিকল হোৱা বাবে ৰাছিয়াত জৰুৰী অৱতৰণ কৰোৱা হয়। বিমানখনত থকা ২১৬জন যাত্ৰী আৰু ১৬গৰাকী ক্ৰ মেম্বাৰ নিৰাপদে আছে বুলি এয়াৰ ইণ্ডিয়াৰ বিষয়াই জনায়। এয়াৰ ইণ্ডিয়াৰ মুখপাত্ৰই জনোৱা মতে, দিল্লীৰ পৰা ছান ফ্ৰান্সিস্কোলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমান AI173ৰ এটা ইঞ্জিনত কাৰিকৰী বিজুতি ঘটে। ২১৬জন যাত্ৰী আৰু ১৬জন ক্ৰৰ সৈতে বিমানখন ডাইভাৰ্ট কৰি ৰাছিয়াৰ মাগাডান বিমানবন্দৰত নিৰাপদে অৱতৰণ কৰায়। তেওঁ কয় যে যাত্ৰীসকলক সকলো সাহায্য প্ৰদান কৰা হৈছে আৰু অতি সোনকালে গন্তব্যস্থানত উপনীত কৰাবলৈ বিকল্প ব্যৱস্থা কৰা হ’ব। শেহতীয়াকৈ বিমান চলাচলত বিজুতিৰ ঘটনা যথেষ্ট বৃদ্ধি পাইছে। উল্লেখ্য যে কাৰিকৰী সমস্যাৰ বাবে দুদিনমান পূৰ্বে ডিব্ৰুগড়লৈ যোৱা ইণ্ডিগোৰ এখন বিমান গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হৈছিল।