নিউজ ডেস্ক, ৩ মে’ : ভাৰতীয় বিমানৰ বাবে আকাশী সীমা বন্ধ কৰিছে পাকিস্তানে৷ ইয়াৰ ফলত এয়াৰ ইণ্ডিয়া-ৰ পাঁচ হাজাৰ কোটি টকাৰ অধিক লোকচান হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে৷ সূত্রই সদৰী কৰা অনুসৰি যদি পাকিস্তানৰ আকাশী সীমা এবছৰৰ বাবে ভাৰতীয় বিমানৰ কাৰণে বন্ধ থাকে, তেন্তে বিপুল ক্ষতি হ’ব এয়াৰ ইণ্ডিয়াৰ৷ সেই সন্দর্ভত ইতিমধ্যে কেন্দ্রৰ সৈতে আলোচনাত বহিছে একাধিক উৰণ সংস্থা৷ পাকিস্তানৰ আকাশী সীমা বন্ধ থকাৰ ফলত ভাৰতৰ আন্তর্জাতিক বিমানে বিকল্প পথেৰে যাতায়াত কৰাৰ উপায় নাথাকে৷ ইয়াৰ ফলত প্রতিখন আন্তর্জাতিক বিমানৰ অতিৰিক্ত ডেৰ ঘণ্টা উৰণৰ সময় প্রয়োজন হয়৷ ফলত বৃদ্ধি পায় খৰচৰ পৰিমাণ৷