অজিত ডোভালক ‘আন্তর্জাতিক সম্পদ’ আখ্যা মার্কিন ৰাষ্ট্রদূতৰ
বিশেষ বাৰ্তা, ১৫ জুনঃ ভাৰতৰ ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক ‘আন্তর্জাতিক সম্পদ’ বুলি অভিহিত কৰিলে মার্কিন ৰাষ্ট্রদূত এৰিক গার্ছেটিয়ে৷ ভাৰতত নিযুক্ত আমেৰিকাৰ ৰাষ্ট্রদূতগৰাকীৰ মুখত শুনিবলৈ পোৱা গ’ল অজিত ডোভালৰ প্রশস্তি৷ উত্তৰাখণ্ডৰ এক সাধাৰণ গাঁৱৰ কিশোৰৰ পৰা ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টালৈকে ডোভালৰ উত্তৰণৰ কথা ক’বলৈ গৈ মার্কিন ৰাষ্ট্রদূতগৰাকীয়ে কয় যে ডোভাল কেৱল ভাৰতৰ ৰাষ্ট্রীয় সম্পদেই নহয়, তেওঁ আন্তর্জাতিক সম্পদো৷ দিল্লীত আই চি ই টিৰ বৈঠকত অংশ লৈছিল ৰাষ্ট্রদূত এৰিকে৷ এই বৈঠকতে ডোভালক প্রশংসা কৰা দেখা গ’ল ৰাষ্ট্রদূতগৰাকীয়ে৷ ইয়াৰ উপৰি ভাৰত–আমেৰিকাৰ দ্বিপাক্ষিক সম্পর্ক অতি মজবুত বুলিও উল্লেখ কৰে এৰিকে৷