নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাম মন্দিৰ আক্রমণৰ ভাবুকি আল কায়দা–লস্কৰৰ

🔹 ২২ জানুৱাৰীত উদ্বোধন কৰিব প্রধানমন্ত্রী মোদীয়ে

বিশেষ বাৰ্তা, ১১ নৱেম্বৰ : উদ্বোধনৰ পূর্বে অযোধ্যাৰ ৰাম মন্দিৰ আক্রমণৰ ভাবুকি জেহাদী সংগঠন আল–কায়দা আৰু লস্কৰ–ই–তৈবাৰ৷ অহা ২২ জানুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উদ্বোধন কৰিবলগীয়া উত্তৰ প্রদেশৰ অযোধ্যাৰ ৰাম মন্দিৰত বিশ্বত্রাস সন্ত্রাসবাদী সংগঠন আল–কায়দা আৰু পাকিস্তানস্থিত জেহাদী সংগঠন লস্কৰ–ই–তৈবাই আক্রমণৰ ভাবুকি দিয়াৰ পিছতেই সমগ্র অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে৷ নির্মাণ হৈ থকা ৰাম মন্দিৰটো সম্পূর্ণ হৈ উঠাৰ পিছত অহা ২২ জানুৱাৰীত দেশবাসীক প্রধানমন্ত্রী মোদীয়ে অর্পণ কৰাৰ পূর্বেই সন্ত্রাসবাদী আক্রমণৰ ভাবুকি লাভ কৰাৰ পিছত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে চোৰাংচোৱা সংস্থাসমূহ সক্রিয় হৈ উঠিছে৷ সন্ত্রাসবাদী সংগঠনৰ আক্রমণৰ ভাবুকিৰ পিছতেই পৰৱর্তী সময়ত অঞ্চলটোত পৰামর্শমূলক নির্দেশনা জাৰি কৰা হ’ব বুলিও প্রশাসনে প্রকাশ কৰিছে৷ উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়ৰ পিছতে অযোধ্যাত ৰাম মন্দিৰৰ নির্মাণ চলি আছে আৰু ই সম্পূর্ণ হৈ উঠাৰ লগে লগে ২২ জানুৱাৰীত শুভ উদ্বোধন কৰিব৷ অযোধ্যাৰ ৰাম মন্দিৰ ধ্বংস কৰাৰ ভাবুকি ইতিমধ্যে কেইবাটাও সন্ত্রাসবাদী সংগঠনে দি আহিছে৷ এনে সময়তে উদ্বোধনৰ পূর্বে পুনৰ ৰাম মন্দিৰ আক্রমণৰ ভাবুকিক প্রশাসনে অধিক গুৰুত্বসহকাৰে লৈ ৰাম মন্দিৰ অঞ্চলটোত নিৰীক্ষণ ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ৷

You might also like