নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড’নাল্ড ট্রাম্প-এলন মাস্কক হত্যাৰ ভাবুকি আল–কায়দাৰ

🔹 কুখ্যাত সন্ত্রাসবাদী সংগঠনৰ একিউএপি শাখাৰ হুংকাৰ

🔹 সন্ত্রাসবাদী সংগঠনটোৰ হিটলিষ্টত ট্রাম্প, মাস্কৰ লগতে মার্কিন প্রশাসনৰ শীর্ষ বিষয়াৰ নাম

নিউজ ডেস্ক, ১২ জুন : মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পক হত্যাৰ ভাবুকি দিলে সন্ত্রাসবাদী সংগঠন আল–কায়দাই৷ একিউএপি অর্থাৎ আৰব উপদ্বীপৰ আল–কায়দা সন্ত্রাসবাদী সংগঠনৰ তৰফৰ পৰা এই সম্পর্কীয় ভাবুকি বার্তা প্রকাশ কৰা হৈছে৷ সন্ত্রাসবাদী সংগঠনটোৰ হিটলিষ্টত ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ লগতে ধনকুবেৰ এলন মাস্কসহ মার্কিন প্রশাসনৰ শীর্ষ বিষয়াসকলৰ নাম আছে৷ হোৱাইট হাউছ প্রশাসনৰ তৰফৰ পৰা কোনো মন্তব্য নকৰিলেও গাজাত ইজৰাইলৰ ধ্বংসলীলা তথা আমেৰিকাৰ এইক্ষেত্রত প্রত্যক্ষ সহায়ৰ বাবেই সন্ত্রাসবাদী সংগঠনটোৱে এই ভাবুকি দিয়া বুলি ধাৰণা কৰা হৈছে৷

সংবাদ মাধ্যমৰ সূত্রই সদৰী কৰা অনুসৰি শেহতীয়াকৈ আল–কায়দাৰ য়েমেন শাখাৰ তৰফৰ পৰা ড’নাল্ড ট্রাম্প আৰু এলন মাস্কক হত্যাৰ ভাবুকি দিয়া হৈছে৷ এই ভাবুকিক সমর্থন কৰিছে একিউএপিয়ে৷ প্রায় ৩০ মিনিট দৈর্ঘ্যৰ এক ভিডিঅ’ত উল্লেখ কৰা হৈছে যে গাজাত নিৰীহ লোকৰ ওপৰত যি আতিশয্য চলোৱা হৈছে, তাৰ পিছত কাকো ৰেহাই দিয়াৰ প্রশ্ণ নুঠে৷

লক্ষণীয়ভাৱে মার্কিন উপ–ৰাষ্ট্রপতি জে ডি ভান্স, মার্কিন বিদেশ সচিব মার্কো ৰুবিঅ’, মার্কিন প্রতিৰক্ষা সচিবৰ দৰে শীর্ষ বিষয়াসকলকো হত্যা কৰা হ’ব বুলি একিউএপিয়ে ভাবুকি দিছে৷ অকল সেয়াই নহয়, কঠিন সময়ত গাজাবাসীৰ পক্ষত নথকাৰ অভিযোগত ইজিপ্ত, জর্ডান আদি আৰবৰ মুছলিম দেশসমূহৰ শীর্ষ নেতাসকলকো হত্যাৰ ভাবুকি দিছে আল–কায়দাৰ এই সংগঠনটোৱে৷

ইফালে, আমেৰিকাত বসবাস কৰা জনসাধাৰণক গাজাত চলোৱা হত্যালীলাৰ প্রতিশোধ ল’বলৈ আহ্বান জনাইছে সংগঠনটোৱে৷ উল্লেখনীয় যে বিশ্বৰ চোৰাংচোৱা সংস্থাসমূহে একিউএপিক আল–কায়দাৰ আটাইতকৈ ভয়ংকৰ শাখা হিচাপে চিহ্ণিত কৰি আহিছে৷

You might also like