সুনীতা-ইউলম’ৰক পৃথিৱীলৈ অনাৰ নির্দেশ এলন মাস্কক
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ জানুৱাৰীঃ আন্তর্জাতিক মহাকাশ আস্থান (আইএছএছ)ত বিগত ৭মাহতকৈ অধিক কাল ধৰি আবদ্ধ হৈ আছে দুই নভোচৰ সুনীতা উইলিয়ামছ আৰু বুচ্ উইলম’ৰ৷ দুয়োগৰাকী মহাকাশচাৰী পৃথিৱীলৈ ওভতাই অনাৰ বাবে ধনকুবেৰ এলন মাস্কক নির্দেশ দিলে আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ মাস্কে নিজৰ সংস্থা এক্সত উল্লেখ কৰিছে যে মহাকাশ যানেৰে শীঘ্রে সুনীতা আৰু উইলম’ৰক পৃথিৱীলৈ ওভতাই অনাৰ বাবে ৰাষ্ট্রপতি ট্রাম্পে নির্দেশ দিছে৷ লক্ষণীয়ভাৱে ট্রাম্পে উল্লেখ কৰিছে যে অতি সাহসী দুগৰাকী নভোচৰক মহাকাশত ৰাখি থৈ দায়িত্ব এৰাই চলিছিল বাইডেন প্রশাসনে৷ সুদীর্ঘ ৭মাহ ধৰি নভোচৰ দুগৰাকীয়ে আইএছএছত প্রতিক্ষা কৰি থাকিবলগীয়া হৈছে বুলিও উল্লেখ কৰে ট্রাম্পে৷ গতিকে তেওঁলোকক সোনকালে পৃথিৱীলৈ ওভতাই অনাৰ বাবে এলন মাস্কক নির্দেশ দিছে ট্রাম্পে৷ স্মর্তব্য যে মাস্কৰ স্পেছ এক্স সংস্থাৰ তৰফৰ পৰা দুয়োগৰাকী নভোচৰক ওভতাই অনাৰ বাবে যান প্রেৰণৰ চিন্তা–চর্চা চলাই থকা হৈছে৷ এইক্ষেত্রত মার্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰ তৰফৰ পৰাও তৎপৰতা গ্রহণ কৰা হৈছে৷ পূর্বে ঘোষণা কৰা অনুসৰি আগন্তুক ফেব্রুৱাৰী মাহত দুয়োগৰাকী মহাকাশচাৰীক পৃথিৱীলৈ ওভতাই অনাৰ বাবে নাছাই চেষ্টা চলাব৷ অৱশ্যে নাছাৰ তৰফৰ পৰা এতিয়াও নির্দিষ্ট দিনৰ কথা উল্লেখ কৰা নাই৷ ইয়াৰ মাজতে এলন মাস্কক ৰাষ্ট্রপতি ট্রাম্পে নির্দেশ দিয়া বিষয়টোৱে বিশেষ তাৎপর্য কঢ়িয়াইছে৷