নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বলিয়া হ’বলৈ গৈ আছে বিশ্বৰ ধনাঢ্য ব্যক্তি এলন মাস্ক

🔹 জীৱনীকাৰ ছেঠ আব্রামছনৰ দাবীক লৈ বিশ্বজুৰি চাঞ্চল্য

🔹 ‘অসুস্থ মাস্কৰ কাম–কাজ আমেৰিকাৰ বাবে হ’ব পাৰে বিপজ্জনক’

নিউজ ডেস্ক, ১১ জানুৱাৰী : টেছলা–স্পেচ এক্সৰ মুৰব্বী, বিশ্বৰ এক নম্বৰ ধনাঢ্য ব্যক্তি এলন মাস্ক বলিয়া হ’বলৈ গৈ আছে৷ তেওঁ গভীৰভাৱে মানসিক অসুস্থ আৰু বৃহৎ পৰিমাণে ড্রাগছ সেৱন কৰে৷– এই চাঞ্চল্যকৰ দাবী ছেঠ আব্রামছনৰ৷ এইগৰাকী ছেঠ আব্রামছন হৈছে ধনকুবেৰ এলন মাস্কৰ জীৱনীকাৰ৷ ধনকুবেৰ মাস্কৰ জীৱন কাহিনী ৰচি থকা ছেঠ আব্রামছনে বিগত দুবছৰ ধৰি এলন মাস্কৰ ব্যৱহাৰ–আচৰণ সূক্ষ্মভাৱে নিৰীক্ষণ কৰি থাকি এই বিস্ফোৰক-চাঞ্চল্যকৰ দাবী কৰিছে৷ মানসিকভাৱে অসুস্থ এলন মাস্কৰ সিদ্ধান্ত আমেৰিকা যুক্তৰাষ্ট্রৰ বাবে বিপজ্জনক হ’ব পাৰে বুলিও আব্রামছনে মন্তব্য আগবঢ়াই শীঘ্রেই চৰকাৰক মাস্কৰ সিদ্ধান্তত হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে৷ মহাকাশ, বৈদ্যুতিক বাহন, সামাজিক মাধ্যম আৰু কৃত্রিম বুদ্ধিমত্তাৰ খণ্ডৰ লগতে ট্রাম্প চৰকাৰৰ ডিপার্টমেণ্ট অৱ গৱর্নমেণ্ট এপিছিয়েঞ্চীৰ মুৰব্বী হিচাপে এলন মাস্কে ল’ব পৰা সিদ্ধান্তই ভৱিষ্যতে আমেৰিকা যুক্তৰাষ্ট্রত অৰাজকতাৰ সৃষ্টি কৰিব পাৰে বুলি বিস্ফোৰক মন্তব্য আগবঢ়াইছে আব্রামছনে৷ ১৪ দিন পাছত এলন মাস্কে গুৰুত্বপূর্ণ পদবীত কার্যনির্বাহ কৰাৰ পূর্বে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰি এলন মাস্কৰ পৰা আমেৰিকাক সুৰক্ষিত কৰাৰ দাবী জনাইছে আব্রামছনে৷

You might also like