নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সকলো বর্গৰ ভাৰতীয় নাগৰিকে লাভ কৰিব ৰাছিয়াৰ ভিছা

নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ সকলো বর্গৰ ভাৰতীয় নাগৰিকক বিমান ভ্রমণৰ সময়ত তালাচী চকীত প্রৱেশ কৰাৰ বাবে প্রদান কৰিব পাৰে ভিছা৷ আনকি শিক্ষার্থীসকলকো ৰাছিয়াই ভিছা প্রদান কৰাৰ চিন্তা–চর্চা চলাইছে৷ ইয়াৰ উপৰি আৱাসিক অনুমতি পত্র ভাৰতীয় নাগৰিকে লাভ কৰিব পাৰে ৰাছিয়াৰ ভিছা৷ নতুন দিল্লীস্থিত ৰুছ দূতাৱাসৰ পৰা এক বিবৃতিত সদৰী কৰা হৈছে এই তথ্য৷ ৰাছিয়াৰ ক’ভিড–১৯ ইমার্জেঞ্চী ৰেছপনছ চেণ্টাৰৰ পৰা ১৬ জানুৱাৰীত এই সন্দর্ভত এক সিদ্ধান্ত সদৰী হোৱাৰ পিছতে নতুন দিল্লীস্থিত দূতাৱাসে ভাৰতীয় নাগৰিকৰ ক্ষেত্রত ভ্রমণৰ নিষেধাজ্ঞা বাতিল কৰাৰ চিন্তা–চর্চা চলাইছে৷

দূতাৱাসৰ সূত্রই সদৰী কৰা অনুসৰি মস্কো আৰু নতুন দিল্লীৰ মাজত সপ্তাহত দুবাৰকৈ যাত্রীবাহী বিমান চলিব৷ অৱশ্যে অস্থায়ীভাৱে ই–ভিছা নিষিদ্ধ হৈ থাকিব৷ ৰুছ চৰকাৰে এইক্ষেত্রত আগন্তুক দিনত চিন্তা–চর্চা চলাব বুলি দূতাৱাসৰ তৰফৰ পৰা বিবৃতিত স্পষ্ট কৰা হৈছে৷ যিসকল ভাৰতীয় নাগৰিকে ভিছাৰ বাবে আবেদন কৰিব বিচাৰে, তেওঁলোকে ৰুছ দূতাৱাসৰ ৱেবছাইটট প্রয়োজনীয় নথি–পত্র জমা কৰিব লাগিব৷ ক’ভিড–১৯ পি চি আৰ টেষ্টৰ নিগেটিভ ফলাফল ওলোৱা হাস্পতালৰ নথিও গাঁথি দিব লাগিব ভিছাৰ বাবে আবেদন জনোৱা লোকসকলে৷ ৰাছিয়াই এইক্ষেত্রত শিথিলতা আনিছে যদিও ভাৰত চৰকাৰে আন্তর্জাতিক বাণিজ্যিক বিমানৰ উৰণত ২৮ ফেব্রুৱাৰীলৈকে নিষেধাজ্ঞা আৰোপ কৰি থৈছে৷

You might also like