নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোর্খাসহ সকলো মুখ ঢকা পোছাকৰ ওপৰত নিষেধাজ্ঞা ছুইজাৰলেণ্ডত

🔹 সংসদত নতুন বিধেয়ক গৃহীত

বিশেষ বাৰ্তা, ২২ ছেপ্টেম্বৰ : এইবাৰ ছুইজাৰলেণ্ডতো নিষিদ্ধ হ’ল বোর্খা পৰিধান৷ সকলোধৰণৰ মুখ ঢকা পোছাক নিষিদ্ধ কৰা হৈছে দেশখনত৷ এই নিষেধাজ্ঞা উলংঘা কৰিলে জৰিমনা বিহা হ’ব ছুইজাৰলেণ্ডত৷ এই সিদ্ধান্তৰ কথা ঘোষণা কৰাৰ পাছতে দেশখনত সৰৱ হৈছে মুছলমান দলবোৰ৷ আন্তর্জাতিক সংবাদ মাধ্যমৰ সূত্রই সদৰী কৰা অনুসৰি, বুধবাৰে বোর্খাসহ সকলো মুখ ঢকা পোছাকত নিষেধাজ্ঞা জাৰি কৰি এক বিধেয়ক গৃহীত কৰিছে ছুইজাৰলেণ্ডৰ সংসদে৷ ইয়াৰ পূর্বেই সংসদৰ উচ্চ সদনত সেউজ সংকেত লাভ কৰিছিল বিতর্কিত বিধেয়কখনে৷ ফলত অলপতে সেইখন আইনত পৰিণত হয়৷ নতুন এই আইন অনুসৰি বোর্খাসহ সকলোধৰণৰ মুখ ঢকা পোছাক দেশখনত নিষিদ্ধ৷ এই নিষেধাজ্ঞা উলংঘা কৰিলে এহেজাৰ ছুইছ ফ্রাংক বা ১,১০০ মার্কিন ডলাৰ জৰিমনা বিহা হ’ব৷

You might also like