নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নকল সামগ্রীৰে গ্রাহকক প্রতাৰণা কৰিছে আমাজন–ফ্লিপকার্টে

🔹 দিল্লীৰ গুদামত তালাচী বিআইএছৰ তদন্তকাৰীৰ

নিউজ ডেস্ক, ৩০ মার্চ : আমাজন আৰু ফ্লিপকার্টৰ গুদামত ওলাল বিপুল পৰিমাণৰ নকল সামগ্রী৷ সামগ্রীৰ মান নিৰূপণ কৰা ভাৰতীয় সংস্থা বিআইএছ–এ শেহতীয়াকৈ দিল্লীত অভিযান চলাইছিল৷ তেতিয়াই এই নকল সামগ্রীবোৰ জব্দ হয়৷ জোতাৰ পৰা গিজাৰ, মিক্সাৰসহ অন্যান্য ইলেক্ট্রনিক সামগ্রীও আছে এই তালিকাত৷ ভাৰতত অনলাইনত সামগ্রী বিক্রীৰ ক্ষেত্রত আমাজন আৰু ফ্লিপকার্টৰ নাম সদায় তালিকাৰ আৰম্ভণিতে থাকে৷ এই সংস্থা দুটাৰ গুদামতেই উদ্ধাৰ হয় বিপুল পৰিমাণৰ নকল সামগ্রী৷ ইয়াক লৈ দেশৰ ৰাজধানী দিল্লীত সৃষ্টি হৈছে চাঞ্চল্য৷ অনলাইন সংস্থা দুটাৰ সামগ্রীৰ বিশ্বাসযোগ্যতাক লৈও প্রশ্ণ উঠিছে৷ ১১ মার্চত দিল্লীৰ মোহন কো– অপাৰেটিভ ইণ্ডাষ্ট্রিয়েল অঞ্চলত থকা আমাজনৰ গুদামত তালাচী চলায় তদন্তকাৰী বিষয়াসকলে৷ তদন্তকাৰী বিষয়াসকলে গুদামত বৃহৎ পৰিমাণৰ নকল সামগ্রী দেখি হতবাক হৈ পৰে৷ গুদামৰ ভিতৰত মিক্সাৰ গ্রাইণ্ডাৰ, গিজাৰসহ বহু ইলেক্ট্রনিক সামগ্রী পোৱা গৈছে৷ বহু সামগ্রী পেকেটত বাধ্যতামূলক আইএছআই মার্ক নাছিল বুলিও দাবী কৰিছে তদন্তকাৰীসকলে৷ আমাজনৰ গুদামত মুঠ ১৫ ঘণ্টা ধৰি তালাচী চলোৱা হয়৷ এই অভিযানত ৩,৫০০ বিধ নকল সামগ্রী জব্দ কৰা হৈছে৷ এই সামগ্রীবোৰৰ মুঠ বজাৰ মূল্য ৭০ লাখ টকা৷ ইয়াৰ পাছত ফ্লিপকার্টৰ গুদামতো তালাচী চলোৱা হয়৷ অতি নিম্নমানৰ স্প’টছ শ্বু এই গুদামৰ পৰা জব্দ কৰা হৈছে৷ মুঠ ৫৯০ যোৰা জোতা বাজেয়াপ্ত কৰিছে বিষয়াসকলে৷ এই জোতাসমূহৰ বজাৰ মূল্য প্রায় ৬ লাখ টকা হ’ব বুলি দাবী কৰিছে৷ অনলাইন সংস্থা দুটাই গ্রাহকক এনেদৰে প্রতাৰণা কৰি থকা বিষয়টোক লৈ দিল্লীত এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে৷

You might also like