আমেৰিকাৰ আকাশত চীনৰ চোৰাংচোৱা বেলুন; উত্তেজনা বৃদ্ধি আমেৰিকা–চীনৰ
- আমেৰিকাৰ আকাশত মণ্টেনাৰ ক্ষেপণাস্ত্র ক্ষেত্রৰ ওপৰত উৰণৰ প্রাক্মুহূর্তত চীনৰ চোৰাংচোৱা বেলুনটো ধ্বংসৰ বিপৰীতে জব্দ কৰিলে বায়ুসেনাই
নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ সামৰিক শক্তিৰ পৰা বাণিজ্যলৈকে চিৰপ্রতিদ্বন্দ্বী আমেৰিকা যুক্তৰাষ্ট্র আৰু চীনৰ মাজত চোৰাংচোৱা বেলুন এটাক লৈ উত্তেজনা আৰম্ভ হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ আকাশত চীনৰ চোৰাংচোৱা বেলুন এটা দেশখনৰ বায়ুসেনা বাহিনীয়ে জব্দ কৰাৰ পাছতে দুই দেশৰ মাজত এই বিষয়টোক লৈ উত্তেজনা আৰম্ভ হৈছে৷ চীনৰ চোৰাংচোৱা বেলুনটো আমেৰিকাৰ মণ্টেনাৰ মিছাইল ক্ষেত্রৰ আকাশত প্রত্যক্ষ হোৱাৰ পাছতেই দেশৰ বায়ুসেনা বাহিনীয়ে যুদ্ধ বিমানেৰে বেলুনটো ধ্বংস কৰিব বিচাৰিছিল যদিও ৰাষ্ট্রপতি জ’ বাইডেনৰ পৰামর্শ মতে বেলুনটো ধ্বংস কৰাৰ বিপৰীতে জব্দ কৰে৷ চোৰাংচোৱা বেলুনটো বিধ্বস্ত কৰিলে তাৰ ধ্বংসাৱশেষ আমেৰিকাৰ ভূমিত পৰিব আৰু তাৰ পৰা প্রতিদ্বন্দ্বী চীনে গোপন তথ্য সংগ্রহ কৰাৰ সম্ভাৱনা থকাৰ পৰিপ্রেক্ষিততে বায়ুসেনাই ৰাষ্ট্রপতিৰ পৰামর্শ মতে বেলুনটো জব্দ কৰে৷ আমেৰিকাৰ আকাশত চীনৰ চোৰাংচোৱা বেলুনটো প্রৱেশ কৰাৰ পাছতেই বেলুনটো কৌশলেৰে নিজৰ জিম্মালৈ আনে বায়ুসেনাই৷ মণ্টেনাৰ মিছাইল ক্ষেত্রৰ সংবেদনশীল এলেকাৰ আকাশত চীনৰ চোৰাংচোৱা বেলুন জব্দ কৰাৰ বিষয়টোৱে দুই দেশৰ মাজত শীতল যুদ্ধৰ আন এক স্পষ্ট ছবি প্রতিফলিত হৈছে৷ আকাশতে চোৰাংচোৱা বেলুনটো জব্দ কৰি বায়ুসেনাই সূক্ষ্ম নিৰীক্ষণ চলাই আহিছে৷ ইপিনে, আমেৰিকাই চীনৰ চোৰাংচোৱা বেলুন তেওঁলোকৰ আকাশত জব্দ কৰা বুলি প্রকাশিত বাতৰি সন্দর্ভত চীনে এতিয়ালৈকে বিশেষ প্রতিক্রিয়া প্রকাশ কৰা নাই যদিও তথ্য মতে চীনে আমেৰিকাক চোৰাংচোৱা বেলুনৰ দোহাই দি শীতল যুদ্ধ আগবঢ়াই নিনিবলৈ সতর্ক কৰি দিছে৷ আমেৰিকাৰ চুবুৰীয়া দেশ কানাডাৰ পৰা চীনৰ এই চোৰাংচোৱা বেলুনটো মণ্টেনাৰ মিছাইল ক্ষেত্রৰ ওপৰলৈ উৰুওৱা হৈছিল বুলি তথ্যত প্রকাশ পাইছে৷ চোৰাংচোৱা কৃত্রিম উপগ্রহৰ পৰিৱর্তে চীনে চোৰাংচোৱা বেলুন আমেৰিকাৰ আকাশলৈ পঠিওৱাটো তাৎপর্যপূর্ণ৷ মণ্টেনাৰত তিনিখন পাৰমাণৱিক মিছাইল ক্ষেত্র আছে৷ এই মিছাইলৰ সম্ভেদ ল’বলৈ চীনে চোৰাংচোৱা বেলুনটো পঠিওৱা বুলি সন্দেহ প্রকাশ কৰা হৈছে৷ চোৰাংচোৱা বেলুন জব্দ কৰাৰ পাছতেই আমেৰিকাৰ সেনাবাহিনীৰ মুৰব্বীয়ে সেনা বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হৈছে৷ প্রসংগক্রমে উনুকিয়াব লাগিব যে চোৰাংচোৱা বেলুন অন্য দেশৰ আকাশলৈ পঠিওৱাটো নতুন নহয়৷ দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰে পৰা এনেধৰণৰ অভিযান দেশসমূহে চলাই আহিছে৷ ভূমিৰ পৰা প্রায় ২৪,০০০–৩৭,০০০ মিটাৰ উচ্চতাত এই চোৰাংচোৱা বেলুনসমূহ প্রেৰণ কৰা হয়৷ বাণিজ্যিক বিমানৰ উৰণৰ সর্বাধিক উচ্চতাৰ ওপৰত এই বেলুনসমূহ উৰি থাকে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ প্রতিৰক্ষা মন্ত্রী এণ্টনী ব্লিংকেনে প্রথম চীন ভ্রমণ কৰাৰ প্রাক্মুহূর্ততে চীনে আমেৰিকাৰ আকাশত চোৰাংচোৱা বেলুন প্রেৰণ কৰাটো সংবেদনশীল বিষয় হিচাপে চর্চিত হৈছে৷