আমেৰিকান ৰবার্ট প্রিভোষ্ট নতুন পোপ লিঅ’ চতুর্দশ
🔹 ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় নতুনকৈ নিযুক্ত কেথলিক খ্রীষ্টানৰ মুৰব্বী
নিউজ ডেস্ক, ১০ মে’ : পোপ ফ্রান্সিছৰ দেহাৱসানৰ পাছত কেথলিক খ্রীষ্টানৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে ৰবার্ট প্রিভোষ্ট-ক৷ কেথলিক খ্রীষ্টানৰ মুৰব্বী হিচাপে নিযুক্তি লাভ কৰাৰ পাছত ৰবার্ট প্রিভোষ্টক পোপ লিঅ’ চতুর্দশ হিচাপে জনা যাব৷ আমেৰিকা যুক্তৰাষ্ট্রৰ চিকাগোত জন্মলাভ কৰা ৰ’বার্ট প্রিভোষ্ট হৈছে পোপ হিচাপে নিযুক্তি লাভ কৰা প্রথমগৰাকী দক্ষিণ আমেৰিকাৰ ব্যক্তি৷ ৬৯ বছৰীয়া ৰ’বার্ট প্রিভোষ্ট হ’ব ২৬৭সংখ্যক পোপ৷ পেৰুত মিছনেৰী হিচাপে কেইবাবছৰ ধৰি সংস্কাৰক হিচাপে কাম কৰা ৬৯ বছৰীয়া পোপ লিঅ’ চতুর্দশে পেৰুক দ্বিতীয় মাতৃভূমি হিচাপে মানি আহিছে৷ স্পেনিছ আৰু ফ্রেংক’ ইটালিয়ান পিতৃ–মাতৃৰ সন্তান ৰ’বার্ট প্রিভোষ্টে পেৰুলৈ গৈ পাছত আমেৰিকালৈ উভতি আহি এগৰাকী পেষ্ট’ হিচাপে সেৱা আগবঢ়ায়৷ ২০২৩ চনৰ জানুৱাৰীত আর্কবিছপ হিচাপে স্বীকৃতি লাভ কৰা ৰ’বার্ট প্রিভোষ্টক কিছু মাহৰ পাছতেই পোপ ফ্রান্সিছে তেওঁক এগৰাকী কার্ডিনেল হিচাপে স্বীকৃতি দিয়ে৷ তদুপৰি নতুন পোপে প্ৰায়ে সামাজিক আৰু ৰাজনৈতিক বিষয়ত নিজৰ মতামত প্ৰকাশ কৰি আহিছে। তেওঁৰ এক্স হেণ্ডেলৰ পৰা স্পষ্ট যে তেওঁ বিভিন্ন সামাজিক আৰু ৰাজনৈতিক বিষয়ত নিজৰ মতামত প্ৰকাশ কৰে। সামাজিক মাধ্যমত বৰ্ণবাদ আৰু ঘৃণামূলক ভাষণৰ বিৰুদ্ধে তেওঁ মাত মাতিছে। এক্স হেণ্ডেলত তেওঁৰ অনুগামীৰ সংখ্যা ৩ লাখ ৬০ হাজাৰতকৈও অধিক।