‘সিংহৰ ঘৰ’ত পাঁচ দিন ৮ বছৰীয়া শিশুৰ
🔹 জিম্বাব’ৱেৰ অভয়াৰণ্যত সাহসিকতাৰ নজিৰ টিনোটেণ্ডাৰ
🔹 ৰুক্ষ শিল-নদীৰ বুকুত জীৱনৰ সন্ধান
🔹 আন্তর্জাতিক সংবাদ মাধ্যমত চর্চা
নিউজ ডেস্ক, ৭ জানুৱাৰী : ঘৰলৈ ঘূৰি অহা পথ হেৰুৱাই গভীৰ অৰণ্যত প্রৱেশ কৰিছিল এটি ৮ বছৰীয়া শিশুৱে৷ এই অৰণ্যত সিংহ, হাতী তথা অন্যান্য হিংস্র বন্যজন্তুৰ মাজতেই কেৱল বনৰীয়া ফল ভক্ষণ কৰি ৫ দিন কটায় শিশুটিয়ে৷ আফ্রিকান ৰাষ্ট্র জিম্বাব’ৱেৰ অৰণ্যত ৫ দিন পাছত বনৰক্ষীয়ে উদ্ধাৰ কৰে শিশুটিক৷ উল্লেখনীয় যে ইতিমধ্যে ভয়াৱহ খৰাং পৰিস্থিতিৰ কবলত পৰা শিশুটিয়ে শুকাই যোৱা নদীৰ বুকুত এই ৫ দিন পানীৰ সন্ধান কৰিয়েই কটাই দিয়ে৷ ইয়াৰ মাজতে ৰুক্ষ শিলত নিশা শুইছিল শিশুটিয়ে৷ কাষতে সিংহৰ গর্জন সত্ত্বেও শিশুটি আতংকিত হোৱা নাছিল৷ যোৱা ২৭ ডিচেম্বৰত সন্ধানহীন হৈছিল টিনোটেণ্ডা পুণ্ডু নামৰ শিশুটি৷ ঘৰৰ পৰা ৩০ মাইল নিলগৰ মাটুছাড’না ৰাষ্ট্রীয় অভয়াৰণ্যত গৈ প্রৱেশ কৰিছিল শিশুটিয়ে৷ পাহৰি গৈছিল ঘৰলৈ উভতি অহা পথ৷ পাঁচ দিন পাছত শিশুটিক বনৰক্ষীৰ দলে উদ্ধাৰ কৰে শুকাই যোৱা নদী এখনৰ বক্ষত পানীৰ বাবে মাটি খান্দি থকা অৱস্থাত৷ এডাল বাঁহৰ লাঠীৰে মাটি খান্দিবলৈ লৈছিল শিশুটিয়ে৷ উল্লেখনীয় যে আফ্রিকাৰ ভিতৰতে আটাইতকৈ বেছি সিংহৰ বসতিস্থল হৈছে মাটুছাড’না ৰাষ্ট্রীয় অভয়াৰণ্য৷ মুঠ ৪০টা সিংহ আছে এই অভয়াৰণ্যত৷ এই অভয়াৰণ্যৰ বুকুতেই হিংস্র সিংহৰ দপদপনি সত্ত্বেও পাঁচ দিন নির্ভয়ে পাৰ কৰিছিল শিশুটিয়ে৷ এতিয়া এই কাহিনী হৈ পৰিছে আন্তর্জাতিক সংবাদ মাধ্যমৰ চর্চাৰ বিষয়৷ স্মর্তব্য যে আফ্রিকাৰ আটাইতকৈ সাহসী নিয়ামিনামি সম্প্রদায়ৰ সদস্য এই শিশুটিয়ে ‘সিংহৰ ঘৰ’ত পাঁচ দিন কটাই বিশ্বৰ ভিতৰতে সাহসী শিশু হিচাপে বিভিন্ন মহলৰ স্বীকৃতি লাভ কৰিছে৷