নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ পৰা পাকিস্তানলৈ চর্চাত অনন্ত–ৰাধিকা

🔹 আম্বানি তনয়ৰ জাকজমক বিবাহে দৃষ্টি কাঢ়িছে বিশ্বৰ সংবাদ মাধ্যমৰ

বিশেষ বাৰ্তা, ১৪ জুলাই : এছিয়াৰ সবাতোকৈ ধনী ব্যক্তি মুকেশ আম্বানিৰ পুত্র অনন্ত আম্বানি আৰু ৰাধিকা মার্চেণ্টৰ আড়ম্বৰপূর্ণ বিবাহখনে মাথোঁ ভাৰততে নহয়, চর্চা লাভ কৰিছে বিশ্বত৷ ৫,০০০ কোটিটকীয়া বিবাহখন সংবাদ মাধ্যমৰ বাবেও চর্চাৰ অন্যতম বিষয় হৈ পৰিছে৷ প্রণিধানযোগ্য যে পৰহি মুম্বাইত অনুষ্ঠিত বিবাহ অনুষ্ঠানটোত হলীউড, বলীউড, ক্রীড়া, ৰাজনৈতিক ক্ষেত্রখনকে ধৰি বিশ্বৰ বিভিন্ন ক্ষেত্রৰ জনপ্রিয় তাৰকা তথা পৰিচিত ব্যক্তিয়ে অংশগ্রহণ কৰিছিল৷ বিবাহৰ এই মূল অনুষ্ঠানটোক গুৰুত্ব সহকাৰে প্রকাশ কৰিছে বিবিচিয়ে৷ বিবিচিৰ এটা প্রতিবেদনত কোৱা হৈছে যে মাহজোৰা প্রস্তুতিৰ অন্তত এছিয়াৰ সবাতোকৈ ধনী ব্যক্তি মুকেশ আম্বানিৰ বিবাহ সমাৰোহখন অৱশেষত মুম্বাইত আৰম্ভ হ’ল৷ আনহাতে, একেটা অনুষ্ঠানক লৈ চিএনএনৰ তৰফৰ পৰাও গুৰুত্বসহকাৰে বাতৰি পৰিৱেশন কৰা হৈছে৷ সংবাদ প্রতিষ্ঠানটোৱে লিখিছে– ‘৭ মাহৰ অসাধাৰণ প্রাক্ বিবাহ অনুষ্ঠানৰ অন্তত শুকুৰবাৰে অনন্ত আম্বানিয়ে সহস্রাধিক অতিথিক সাক্ষী কৰি ৰাধিকা মার্চেণ্টৰ পাণিগ্রহণ কৰে৷ বহুচর্চিত বিবাহখনক লৈ পাকিস্তানৰ অগ্রণী সংবাদ প্রতিষ্ঠান জিঅ’ নিউজৰো নাছিল কম আগ্রহ৷ সংবাদ প্রতিষ্ঠানটোৰ বাতৰিত কিম কার্দোছিয়ানৰ দৰেই বিদেশী তাৰকাৰ অংশগ্রহণক উৎসাহেৰে প্রকাশ কৰা হৈছে৷ ইয়াৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্রৰ চিবিএছ নিউজ–এ জন ছিনা, মার্ক জুকাৰবার্গৰ উপৰি বলীউডৰ তাৰকা, খ্যাতনামা ক্রিকেটাৰ, ৰাজনীতিকসহ বিশ্বৰ বিভিন্ন অঞ্চলৰ পৰা বিবাহখনত অংশগ্রহণ কৰা অতিথিৰ বিষয়ে সৰস বর্ণনা কৰা হৈছে৷ আৰব নিউজৰ বাতৰিতো অনন্ত আৰু ৰাধিকাৰ বিবাহ তথা বিবাহৰ অনুষ্ঠানটোৰ কথা বিভিন্ন দিশ সামৰি প্রকাশ কৰা হৈছে৷ ব্রিটিছ সংবাদ–পত্র ‘ইণ্ডিপেণ্ডেণ্ট’তো বিবাহখনে চর্চা লাভ কৰিছে৷

You might also like