নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰু কিমান দূৰ… উৎক্ষেপণৰ ১০ দিন পিছত চন্দ্ৰযান-৩

বিশেষ বাৰ্তা, ২৪ জুলাই : চন্দ্ৰযান-৩ উৎক্ষেপণৰ ১০ দিন পাৰ হৈ গ’ল। এই সময়ছোৱাত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ দ্বাৰা নিৰ্মিত মহাকাশযানখনে চন্দ্ৰলৈ যোৱাৰ পথত বহুখিনি দূৰত্ব অতিক্ৰম কৰিছে। ইছৰোৰ তথ্য অনুসৰি, মহাকাশত চন্দ্ৰযান-৩ৰ যাত্ৰা সুকলমে চলি আছে। চন্দ্ৰযান-৩ বৰ্তমান ৭১৩৫১ কিলোমিটাৰ x ২৩৩ কিলোমিটাৰ কক্ষপথত আছে। ই এতিয়াও পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ ভিতৰতে আছে। ইছৰোৱে মহাকাশত চন্দ্ৰযান-৩ৰ গতি ক্ৰমান্বয়ে বৃদ্ধি কৰিবলৈ মুঠ পাঁচটা কক্ষপথ পৰিৱৰ্তনৰ পৰিকল্পনা কৰিছিল। তাৰ ভিতৰত চাৰিটা পদক্ষেপ সফলতাৰে সম্পূৰ্ণ হৈছে। মাত্ৰ শেষ পদক্ষেপটোহে বাকী আছে। সেই পদক্ষেপটো সফলতাৰে পাৰ হ’লেহে মাধ্যাকৰ্ষণ শক্তিৰ বাহিৰলৈ ওলাই যাব চন্দ্ৰযান-৩। ২৫ জুলাইত পঞ্চম পৰ্যায়ৰ এই পদক্ষেপ সম্পূৰ্ণ হ’ব। দুপৰীয়া ২ বজাৰ পৰা ৩ বজাৰ ভিতৰত পঞ্চমবাৰৰ বাবে কক্ষপথ সলনি কৰিব চন্দ্ৰযান-৩-এ। ইয়াৰ পূৰ্বে চন্দ্ৰযান-৩-এ ১৫ জুলাই, ১৬ জুলাই, ১৮ জুলাই আৰু ২০ জুলাইত চাৰিবাৰকৈ কক্ষপথ সলনি কৰিছে। ইছৰোৱে পৰিকল্পনা অনুসৰি কাম কৰি আছে। এতিয়া ইছৰোৰ বিজ্ঞানীসকলে পঞ্চম পদক্ষেপৰ ওপৰত দৃষ্টি ৰাখিছে। চন্দ্ৰযান-৩-এ ঢাপে ঢাপে পৃথিৱীৰ সৈতে দূৰত্ব বৃদ্ধি কৰি আছে। পঞ্চম কক্ষপথ পৰিৱৰ্তনৰ পিছত মহাকাশযানখনে পৃথিৱীৰ পৰা চন্দ্ৰলৈ পৰিবহণ কক্ষপথত প্ৰৱেশ কৰিব। ইয়াৰ পিছত চন্দ্ৰৰ মাধ্যাকৰ্ষণ শক্তিয়ে চন্দ্ৰযান-৩ক টানিব। চন্দ্ৰযান-৩-এ চন্দ্ৰৰ মাধ্যাকৰ্ষণ শক্তিৰ অধীন হোৱাৰ আগতে ইছৰোৰ পৰিকল্পনা অনুসৰি পৃথিৱীৰ কক্ষপথত অলপ বেছি সময় কটাব। এইদৰে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তি ব্যৱহাৰ কৰি মহাকাশযানখনে নিজৰ গতি বৃদ্ধি কৰি আছে। সকলো ঠিকে থাকিলে ২৩ বা ২৪ আগষ্টত চন্দ্ৰযান-৩ চন্দ্ৰত উপস্থিত হ’ব। উল্লেখ্য যে যোৱা ১৪ জুলাইত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ লঞ্চ পেডৰ পৰা চন্দ্ৰযান-৩ সফলতাৰে উৎক্ষেপণ কৰা হৈছিল। চন্দ্ৰযান-৩ৰ সফলতাত ভাৰতীয় মহাকাশ অভিযানৰ ইতিহাসে এক নতুন মাত্ৰা লাভ কৰিব। ইছৰোৰ তথ্য অনুসৰি, চন্দ্ৰযান-৩ৰ সৌৰশক্তিচালিত লেণ্ডাৰ বিক্ৰম উৎক্ষেপণৰ প্ৰায় ৪০ দিন পিছত চন্দ্ৰত অৱতৰণ কৰিব। তাৰ পৰাই সৌৰচালিত ৰভাৰ প্ৰজ্ঞানে চন্দ্ৰৰ মাটি স্পৰ্শ কৰিব আৰু চন্দ্ৰৰ মাটিৰ চৰিত্ৰ, বিভিন্ন খনিজ পদাৰ্থৰ উপস্থিতিৰ তথ্য সংগ্ৰহ কৰা হ’ব। লগতে প্ৰজ্ঞানে যাতায়াত কৰি চন্দ্ৰভূমিত অশোকস্তম্ভ আৰু ইছৰোৰ প্ৰতীক চিহ্ন অংকন কৰিব।

You might also like