ছোমালিয়াৰ উপকূলত পুনৰ পণ্যবাহী জাহাজ অপহৰণ
🔹 উদ্ধাৰ অভিযানত নামিল ভাৰতীয় নৌ সেনা
বিশেষ বাৰ্তা, ১৮ ডিচেম্বৰ : আফ্রিকাৰ উপকূলৰ সমীপত পুনৰ জলদস্যুৱে অপহৰণ কৰিছে পণ্যবাহী জাহাজ৷ ছোমালিয়াৰ জলদস্যুৱে ইউৰোপৰ দেশ মাল্টাৰ এই পণ্যবাহী জাহাজখন অপহৰণ কৰাৰ পিছত ভাৰতীয় নৌ সেনাই এই জাহাজখন মুক্ত কৰাৰ বাবে চেষ্টা চলাইছে৷ এডেন উপসাগৰত মোতায়েন ভাৰতীয় নৌ সেনাৰ এখন টহলদাৰী জাহাজে আৰব সাগৰৰ ঘটনাস্থলীত উপস্থিত হৈ জাহাজখন মুক্ত কৰাৰ চেষ্টা চলোৱা বুলি চৰকাৰী সূত্রই সদৰী কৰিছে৷ অপহূত জাহাজখনৰ ওপৰত নজৰদাৰী চলাইছে ভাৰতীয় নৌ সেনাৰ এখন বিমানেও৷ এম ভি ৰুৱেন নামৰ মাল্টাৰ এই পণ্যবাহী জাহাজখনত কেপ্টেইনসহ ১৮গৰাকী নাবিক আছে৷ অপহৰণৰ পিছত জলদস্যুবোৰে জাহাজখন ছোমালিয়াৰ সমুদ্র তীৰলৈ লৈ যোৱা বুলি জানিব পৰা গৈছে৷ এসময়ত ছোমালিয়াৰ জলদস্যুবোৰৰ বাবে আতংকত কঁপি থাকিবলগীয়া হৈছিল আন্তর্জাতিক সামুদ্রিক বাণিজ্যৰ সৈতে জড়িত সংস্থাবোৰ৷ মূলতঃ জাহাজ অপহৰণ কৰি এই জলদস্যুবোৰে মুক্তিপণ দাবী কৰি আহিছে৷ মাজত কেইবছৰমান সমুদ্রত জলদস্যুৰ উপদ্রপ কিছু কমিছিল যদিও বিগত কেইমাহমানৰ পৰা আফ্রিকাৰ জলদস্যুবোৰৰ তৎপৰতা বৃদ্ধি পাইছে৷ ভাৰতীয় নৌ সেনাৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি শুকুৰবাৰে জাহাজখন অপহৰণ কৰে ছোমালিয়াৰ জলদস্যুৱে৷