নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতবিৰোধী প্রচাৰৰ অভিযোগত সাতটা ভাৰতীয়–এটা পাকিস্তানীসহ আঠ ইউটিউব চেনেল বন্ধ চৰকাৰৰ

বিশেষ বাৰ্তা, ১৯ আগষ্টঃ ভাৰতবিৰোধী প্রচাৰ কৰি থকাৰ অভিযোগত আঠটা ইউটিউব চেনেল বন্ধ কৰিলে কেন্দ্রীয় চৰকাৰে৷ তথ্য–প্রযুক্তি নিয়ম ২০২১ৰ অধীনত বন্ধ কৰা আঠটা চেনেলৰ ভিতৰত সাতটা ভাৰতীয় আৰু এটা পাকিস্তানৰ৷ ভাৰতৰ ৰাষ্ট্রীয় সুৰক্ষা, বৈদেশিক সম্পর্ক আৰু ৰাজহুৱা নির্দেশনাসমূহ ভুল তথ্য সহকাৰে প্রচাৰ কৰি থকাৰ তথ্য কেন্দ্রীয় চৰকাৰে অৱগত হোৱাৰ পাছতে আজি এই আঠটা চেনেল বন্ধ কৰাৰ নির্দেশ দিয়ে৷ ভাৰতবিৰোধী প্রচাৰ চলাই থকা এই চেনেলকেইটাৰ ১১৪ কোটি ভিউজ আৰু ৮৫.৭০ লাখ গ্রাহক আছে৷ দেশৰ ধর্মীয় সংহতিক বিনষ্ট কৰাৰ অভিযোগ উত্থাপন হোৱা এই ইউটিউব চেনেলকেইটাই ভাৰতত ধর্মীয় সংঘাতৰ বাবে উচটনি দি আহিছে৷ উল্লেখ্য যে ২০২১ চনৰ ডিচেম্বৰৰ পৰা কেন্দ্রীয় চৰকাৰে ভাৰতৰ লগতে পাকিস্তানৰ ১০২টা ইউটিউব চেনেল ইতিমধ্যে বন্ধৰ নির্দেশ দিয়াৰ পাছত আজি পুনৰ দেশৰ সংহতি বিনষ্টকাৰী, ৰাষ্ট্রীয় নিৰাপত্তাক লৈ ভুল তথ্য প্রচাৰ কৰাৰ বাবে আঠটা চেনেল বন্ধৰ নির্দেশ দিছে৷ বন্ধ কৰা ইউটিউব চেনেলকেইটা হৈছে লোকতন্ত্র টিভি, ইউ এণ্ড ভি টিভি, গৌৰৱশালী পৱন মিথিলাঞ্চল, চি টপ ৫ টি এইচ, চৰকাৰী আপডুটেড, সব কুছ দেখো আৰু পাকিস্তানী ইউটিউব চেনেলটো হৈছে নিউজ কী দুনিয়া৷ ইয়াৰ উপৰি এটা ফেচবুক একাউণ্ট আৰু দুটা ফেচবুক পোষ্ট বন্ধ কৰা হৈছে৷

You might also like