উদ্বিগ্ন বিশ্ব ! গুৰুতৰভাৱে অসুস্থ পোপ ফ্রান্সিছ
🔹 ইটালীৰ ৰোমৰ জেমেল্লী হাস্পতালত চিকিৎসাধীন
নিউজ ডেস্ক, ২০ ফেব্রুৱাৰী : কেথলিক খ্রীষ্টানৰ মুৰব্বী ধর্মগুৰু পোপ ফ্রান্সিছ গুৰুতৰভাৱে অসুস্থ৷ একাধিক শাৰীৰিক সমস্যাৰ লগতে হাঁওফাঁওৰ সংক্রমণৰ বাবে পোপ ফ্রান্সিছক ভর্তি কৰোৱা হৈছে ইটালীৰ ৰোমৰ জেমেল্লী হাস্পতালত৷ শেহতীয়াকৈ হাস্পতাল সূত্রই সদৰী কৰা অনুসৰি, নিউমোনিয়াত গুৰুতৰভাৱে আক্রান্ত হৈছে পোপ ফ্রান্সিছ৷ ভেটিকানৰ তৰফৰ পৰাও সদৰী কৰা হৈছে যে ৮৮ বছৰীয়া পোপৰ শাৰীৰিক অৱস্থা যথেষ্ট উদ্বেগজনক৷ ইতিমধ্যে বিভিন্ন শাৰীৰিক পৰীক্ষা কৰোৱা হৈছে পোপ ফ্রান্সিছৰ৷ বর্তমান এদল বিশেষজ্ঞ চিকিৎসকে প্রতি মুহূর্ততে নিৰীক্ষণত ৰাখিছে ফ্রান্সিছৰ স্বাস্থ্য৷ স্মর্তব্য যে পোপ ফ্রান্সিছে দীর্ঘদিন ধৰি ৰোমান কেথলিক গির্জাৰ নেতা হিচাপে দায়িত্ব পালন কৰি আহিছে৷ ইয়াৰ পূর্বেও কেইবাবাৰো হাস্পতালত ভর্তি হৈছিল পোপ ফ্রান্সিছ৷ ২১ বছৰ বয়সতে পোপ ফ্রান্সিছৰ হাঁওফাঁওত কিছু অংশ বাদ দিবলগীয়া হৈছিল৷ ইয়াৰ ফলত তৰুণ অৱস্থাৰ পৰাই শাৰীৰিক সমস্যাত ভুগি আছিল পোপ ফ্রান্সিছ৷ শেহতীয়াকৈ এই সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ যোৱা শুকুৰবাৰে শ্বাস–প্রশ্বাসত সমস্যাৰ সৃষ্টি হোৱাৰ লগে লগে পোপক ভর্তি কৰোৱা হৈছিল হাস্পতালত৷ অলপতে চিটী স্কেন কৰা হয় পোপ ফ্রান্সিছৰ৷ এই চিটী স্কেনতেই ধৰা পৰিছে যে পোপ ফ্রান্সিছৰ হাঁওফাঁও নিউমোনিয়াত আক্রান্ত৷ ইয়াৰ উপৰি অন্যান্য বিভিন্ন পৰীক্ষাতো পোপৰ স্বাস্থ্য স্বাভাৱিক নহয় বুলি ধৰা পৰিছে৷ লগে লগে বিষয়টোক লৈ বিশ্বৰ খ্রীষ্টান সম্প্রদায় উদ্বিগ্ণ হৈ পৰিছে৷