নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপৰ যোগ্যতা অর্জনৰ দিশে আর্জেণ্টিনা

🔹 লিঅ’নেল মেছিৰ দলক প্রয়োজন মাত্র ১ পইণ্ট

নিউজ ডেস্ক, ২৩ মার্চ : উৰুগুৱেক কালি ১–০ গ’লত পৰাজিত কৰে আর্জেণ্টিনাই৷ লিঅ’নেল মেছি অবিহনে আর্জেণ্টিনাৰ এই বিজয়ে দলক বিশ্বকাপৰ পথত আৰু এখোজ আগুৱাই নিলে৷ তেওঁলোকক প্রয়োজন আৰু মাত্র ১ পইণ্টৰ৷ সেয়া হ’লেই ২০২৬ চনৰ বিশ্বকাপলৈ যোগ্যতা অর্জন কৰিব আর্জেণ্টিনাই৷ কালি মেচখনৰ বিজয়সূচক গ’লটো দিয়ে থিয়েগ’ আলমাডাই৷ খেলৰ ৬৮ মিনিটত গ’লটো দিয়ে ২৩ বছৰীয়া ফুটবলাৰগৰাকীয়ে৷ মেচখনত নাছিল মেছি৷ কিন্তু সতীর্থসকলে তেওঁৰ অভাৱ অনুভৱ হ’বলৈ নিদিলে৷ প্রথমার্ধত গ’ল দিবলৈ সক্ষম নহ’লেও সমগ্র মেচখনত অধিক আক্রমণ চলাইছিল আর্জেণ্টিনাই৷ অৱশ্যে বল দখলৰ যুঁজত আগবাঢ়ি আছিল উৰুগুৱে৷ কিন্তু ফুটবলত আচল সত্য হৈছে গ’ল৷ যিটো কৰি দেখুৱালে আলমাডাই৷ মেচখনৰ অন্তিম মুহূর্তত ৰেড কার্ডৰ সন্মুখীন হয় আর্জেণ্টিনাৰ নিক’লাছ গঞ্জালেছ৷ মেছিৰ স্থানত তেওঁক খেলোৱাৰ কথা আছিল৷ কিন্তু আৰম্ভণিৰ পৰা তেওঁক খেলপথাৰত নমোৱা হোৱা নাছিল৷ পৰিৱর্ত খেলুৱৈ হিচাপে নমা গঞ্জালক বিপক্ষ ফুটবলাৰৰ মুখৰ ওচৰলৈ ভৰি দঙা বাবে ৰেড কার্ড দেখুওৱা হয়৷ মেছি অবিহনেই মেচখনত জয়লাভ কৰি অতিশয় আনন্দিত প্রশিক্ষক লিঅ’নেল স্কালোনি৷ তেওঁ কয়– মই সন্তুষ্ট৷ কেৱল জয়লাভ কৰাৰ বাবেই নহয়, দলৰ খেলুৱৈসকলে সম্পূর্ণ উজাৰি দি খেলিছে৷ গোটেই মেচখনত তেওঁলোকে ভাল খেলিছে৷ উল্লেখ্য যে যোগ্যতা নির্ণায়ক পর্বত আর্জেণ্টিনা দক্ষিণ আফ্রিকাৰ গ্রুপত শীর্ষত আছে৷ তেওঁলোকে ১৩খন মেচ খেলি ২৮ পইণ্ট অর্জন কৰিছে৷ আৰু মাত্র ১ পইণ্ট লাভ কৰিলেই দলটোৰ বিশ্বকাপৰ পথ সুচল হৈ পৰিব৷ কাৰণ, গ্রুপৰ পৰা ছটাকৈ দল ২০২৬ চনৰ বিশ্বকাপলৈ যাব৷ আন দলসমূহৰ ভিতৰত চাৰিটা দলৰ বাবে আৰু ২৯ পইণ্টলৈ উন্নীত হোৱা সম্ভৱ নহ’ব৷ ফলত, আর্জেণ্টিনাই আৰু ১ পইণ্ট লাভ কৰিলেই পৰৱর্তী ফুটবল বিশ্বকাপত খেলাটো নিশ্চিত হৈ পৰিব৷

You might also like