বিশ্বকাপ ফুটবললৈ যোগ্যতা অর্জন আর্জেণ্টিনাৰ, বিশ্ব চেম্পিয়নৰ হাতত বিধ্বস্ত ব্রাজিল
নিউজ ডেস্ক, ২৭ মাৰ্চঃ খেলপথাৰত নমাৰ কেইঘণ্টামান পূর্বেই ২০২৬ চনৰ ফিফা বিশ্বকাপ ফুটবললৈ যোগ্যতা অর্জন কৰিছিল আর্জেণ্টিনাই৷ ফলত ব্রাজিলৰ বিপক্ষে খেলা বিশ্বকাপ কোৱালিফায়াৰৰ মেচখন আর্জেণ্টিনাৰ বাবে সন্মান ৰক্ষাৰ যুঁজ হিচাপে পৰিণত হয়৷ বুয়েনছ আয়ার্ছত মঙলবাৰে নিশা অনুষ্ঠিত সন্মান ৰক্ষাৰ যুঁজৰ মেচখনত বিশ্ব চেম্পিয়ন আর্জেণ্টিনাৰ হাতত বিধ্বস্ত হয় ব্রাজিল৷ তাৰকা খেলুৱৈ লিঅ’নেল মেছিবিহীন আর্জেণ্টিনাই একপক্ষীয় মেচখনত নেইমাৰবিহীন ব্রাজিলক ৪–১ গ’লত পৰাস্ত কৰে৷ প্রায় ২০ বছৰৰ পাছত ফুটবল জগতত দেখা গ’ল মেছি আৰু নেইমাৰবিহীন ডুৱেল মেচ৷ মেছি আৰু নেইমাৰৰ অনুপস্থিতিত দুয়োটা দলৰ মাজত যথেষ্ট পার্থক্য দেখা গৈছিল৷ দক্ষিণ আমেৰিকাৰ বিশ্বকাপ কোৱালিফায়াৰ ৰাউণ্ডৰ গ্রুপত আর্জেণ্টিনাই এতিয়ালৈকে ১৪খন মেচৰ পৰা ৩১ পইণ্ট লাভ কৰি শীর্ষস্থান দখলেৰে ২০২৬ চনত হ’বলগীয়া ফিফা বিশ্বকাপলৈ যোগ্যতা অর্জন কৰে৷ আর্জেণ্টিনাৰ উপৰি জাপান, নিউজিলেণ্ড আৰু ইৰানেও বিশ্বকাপলৈ ইতিমধ্যে যোগ্যতা অর্জন কৰিছে৷ খেলখনৰ ৪ মিনিটত জুলিয়ান আলভাৰেজে গ’ল স্ক’ৰ কৰি আর্জেণ্টিনাক গুৰুত্বপূর্ণ অগ্রগতি প্রদান কৰে৷ ইয়াৰ ৮ মিনিট পিছতেই অর্থাৎ ১২ মিনিটত এনজো ফার্নাণ্ডেজে গ’ল স্ক’ৰ কৰি ঘৰুৱা দলটোক ২–০ গ’লত অগ্রগতি প্রদান কৰে যদিও ২৬ মিনিটত ব্রাজিলে গ’ল স্ক’ৰ কৰি গ’লৰ ব্যৱধান ২–১লৈ হ্রাস কৰে৷ ব্রাজিলৰ হৈ মেথিউজ কুনহাই গ’লটো স্ক’ৰ কৰে৷ অৱশ্যে ৩৭ মিনিটত এলেক্সিছ মেক এলিষ্টাৰে গ’ল স্ক’ৰ কৰি বিশ্ব চেম্পিয়ন দলটোক ৩–১ গ’লত অগ্রগতি প্রদান কৰে৷ ইপিনে দ্বিতীয়ার্ধটো ঘৰুৱা দলটোৰ আক্রমণ হ্রাস পোৱা নাছিল৷ গ’লৰ সন্ধানত থকা আর্জেণ্টিনাই ৭১ মিনিটত আন এক সফলতা লাভ কৰে আৰু মেচখনত বিজয় সাব্যস্ত কৰাটো নিশ্চিত কৰি তোলে৷ জিউলিয়ানো ছিমি’নে আর্জেণ্টিনাৰ হৈ চতুর্থটো গ’ল স্ক’ৰ কৰে৷ পৰৱর্তী সময়ত নেইমাৰবিহীন ব্রাজিলে গ’ল স্ক’ৰ কৰাৰ বাবে আপ্রাণ চেষ্টা চলাইছিল যদিও আর্জেণ্টিনাৰ ৰক্ষণ বিভাগক ভেদ কৰাত ব্যর্থ হয়৷ উল্লেখ্য যে পাঁচবাৰৰ প্রাক্তন চেম্পিয়ন ব্রাজিলে এতিয়ালৈকে আগন্তুক বিশ্বকাপলৈ যোগ্যতা অর্জন কৰিবলৈ সক্ষম হোৱা নাই৷ দলটোৱে ১৪খন মেচৰ পৰা ২১ পইণ্ট লাভ কৰি চতুর্থ স্থানত আছে৷