নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোপা আমেৰিকাত অপ্ৰতিৰোধ্য আৰ্জেণ্টিনাৰ ১৬সংখ্যক খিতাপ দখল

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ জুলাইঃ লিঅনেল মেছিৰ আৰ্জেণ্টিনাক অপ্ৰতিৰোধ্য হৈ আছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ফুটবলত আৰ্জেণ্টিনাৰ আধিপত্য বাঢ়িছে। আজি অনুষ্ঠিত ফাইনেলত কলম্বিয়াক হৰুৱাই আৰ্জেণ্টিনাই ২০২৪ চনৰ কোপা আমেৰিকা খিতাপ দখল কৰিছে। কোপা আমেৰিকাত এইটো আছিল আৰ্জেণ্টিনাৰ ১৬সংখ্যক খিতাপ। কোপা আমেৰিকাত আৰ্জেণ্টিনাৰ এয়া আছিল একেৰাহে দ্বিতীয়টো জয়। ইয়াৰ পূৰ্বে ২০২১ চনৰ প্ৰতিযোগিতাখনত আৰ্জেণ্টিনাই ফাইনেলত ব্ৰাজিলক পৰাস্ত কৰি খিতাপ দখল কৰিছিল। ভাৰতীয় সময় অনুসৰি আজি পুৱা ফ্ল’ৰিডাৰ হাৰ্ড ৰক ষ্টেডিয়ামত অনুষ্ঠিত হয় ২০২৪ চনৰ কোপা আমেৰিকাৰ ফাইনেল। খেলখন অতি ৰোমাঞ্চকৰ আছিল কাৰণ ফুট টাইমত নহয় অতিৰিক্ত সময়তহে বিজয়ী গ’ল দিয়া হৈছিল। ৯০ মিনিটৰ ফুট টাইমলৈকে দুয়োটা দলে গ’লৰ দিব পৰা নাছিল। আৰ্জেণ্টিনাই ১-০ গ’লত জয়লাভ কৰে। খেলখনৰ একমাত্ৰ গ’লটো ১১২ মিনিটত (অতিৰিক্ত সময়) আর্জেণ্টিনাৰ লাউটাৰো মাৰ্টিনেজে গ’ল দিয়ে৷ প্ৰতিযোগিতাখনত এইটো আছিল তেওঁৰ পঞ্চমটো গ’ল, যাৰ বাবে তেওঁ গোল্ডেন বুটৰ খিতাপো লাভ কৰিছে। আৰ্জেণ্টিনাৰ তাৰকা লিঅনেল মেছিয়ে আঘাতৰ বাবে সমগ্ৰ মেচখন খেলিব নোৱাৰিলে। মেচখনৰ ৬৬ মিনিটত ভৰিত আঘাতপ্ৰাপ্ত হয় মেছি, যাৰ বাবে তেওঁ বাহিৰলৈ ওলাই আহিবলগীয়া হয়। উল্লেখযোগ্য যে ২০২৪ চনত কোপা আমেৰিকা জয় কৰি আৰ্জেণ্টিনা প্ৰতিযোগিতাখনৰ সফল দল হিচাপে পৰিগণিত হয়। এইবাৰ দলটোৱে ১৬সংখ্যক খিতাপ দখল কৰি উৰুগুৱেক পিছ পেলায়। ইয়াৰ পূৰ্বে উৰুগুৱেই ১৫টাকৈ খিতাপ দখল কৰিছিল। আজি জিকাৰ লগে লগে এতিয়া আৰ্জেণ্টিনাই নিজকে প্ৰতিযোগিতাখনৰ আটাইতকৈ সফল দল হিচাপে গঢ়ি তুলিছে।

You might also like