নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যাত্রীভর্তি ৰে’ল অপহৰণ বেলুচিস্তানৰ সশস্ত্র বিদ্রোহীৰ

নিউজ ডেস্ক, ১২ মার্চঃ পাকিস্তানৰ পৰা বালুচিস্তানক স্বাধীনৰ লক্ষ্য লোৱা বেলুচিস্তান লিবাৰেচন আর্মী, চমুকৈ বিএলএই দেশখনত যাত্রীবাহী ৰে’লৰ ওপৰত ভয়াৱহ আক্রমণ চলাইছে৷ যাত্রীবাহী ৰে’ল অপহৰণ কৰি ৰে’লখনত থকা শতাধিক যাত্রীক পণবন্দী কৰি ৰাখিছে বিএলএই৷ পাকিস্তানৰ দক্ষিণ–পশ্চিম প্রান্তৰ বেলুচিস্তান প্রদেশৰ কুৱেটাৰ পৰা খাইবাৰ পাখটুনখোৱাৰ পেছাৱৰগামী জাফৰ এক্সপ্রেছত বেলুচিস্তান লিবাৰেচন আর্মীয়ে ভয়াৱহ আক্রমণ চলায়৷ বিদ্রোহী সংগঠনটোৰ সদস্যই জাফৰ এক্সপ্রেছৰ ড্রাইভাৰক গুলী কৰি আহত কৰাৰ পাছত ৰে’লখন নিজৰ নিয়ন্ত্রণলৈ আনে আৰু ৰে’লখন নিয়ন্ত্রণ কৰিবলৈ বিএলএৰ সদস্যই ৰে’লৰ ট্রেক উৰুৱাই দি ৰে’লখন ৰাখে৷ ইয়াৰ পাছতেই ৰে’লখনৰ ৯টা দবাত থকা প্রায় ৪০০ যাত্রীক পণবন্দী কৰি লয় বিদ্রোহী সংগঠনটোৱে৷ ৰে’লখনত আক্রমণ চলাই বিদ্রোহী সংগঠনটোৱে ৬জন পাক সেনাকো গুলীয়াই হত্যা কৰে৷ ৰে’লৰ চালকসহ ১১জনৰ মৃত্যু ঘটিছে বিদ্রোহী সংগঠনটোৰ আক্রমণত৷ সূত্র মতে, শতাধিক পাক সেনাসহ ৰে’লৰ যাত্রীক পণবন্দী কৰি ৰাখি বিএলএই পাকিস্তান চৰকাৰক কঠোৰ সকীয়নি দিছে৷ যদি ৰে’লৰ পণবন্দীক মুকলি কৰিবলৈ পাক সেনাই সামৰিক অভিযান চলায় তেতিয়াহ’লে বিদ্রোহী সংগঠনটোৱেও সমুচিত প্রত্যুত্তৰ দিব৷ বিএলএৰ মুখপাত্র জিয়ান্দ বেলুচে প্রকাশ কৰা বিবৃতিত সকীয়নি দি কয় যে যদি পাকিস্তানী সেনাই অভিযান আৰম্ভ কৰে, তেতিয়াহ’লে আটাইবোৰ পণবন্দীকে হত্যা কৰা হ’ব৷ সংবাদ মাধ্যমত চর্চিত বাতৰি মতে, পাক সেনাই চলোৱা আক্রমণৰ ফলত বিদ্রোহী সংগঠনটোৱেও আক্রমণ চলাইছে৷ দুয়োপক্ষৰ মাজত প্রচণ্ড গুলীয়াগুলী হৈছে৷ আনকি এই সংঘর্ষত ৰে’লৰ দবাত জুয়ো লাগিছে৷ বিএলএই ৰে’ল অপহৰণ কৰি যাত্রীক পণবন্দী কৰাৰ পাছতেই বেলুচিস্তান চৰকাৰে জৰুৰী অৱস্থা ঘোষণা কৰিছে আৰু পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সকলো ব্যৱস্থা গ্রহণ কৰিছে৷ পাকিস্তানী সেনাৰ ওপৰত বিগত বছৰ ধৰি আক্রমণ চলাই থকা বেলুচিস্তান লিবাৰেচন আর্মীয়ে ৰে’ল আক্রমণ কৰি ৰে’ল অপহৰণ কৰাৰ লগতে যাত্রীক পণবন্দী কৰা ঘটনাই বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিএলএৰ পাকিস্তান চৰকাৰৰ ওপৰত এয়া সবাতোকৈ ভয়াৱহ আক্রমণ৷ ৰে’ল অপহৰণ আৰু যাত্রীক পণবন্দী কৰা বিএলএৰ এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা জনাইছে দেশখনৰ মন্ত্রী নাকভিয়ে৷ চৰকাৰী সূত্রত প্রকাশ পোৱা মতে, ৰে’লখনৰ চালক, নিৰাপত্তাৰ দায়িত্বত থকা সেনাসহ ১০জন লোকৰ এতিয়ালৈকে মৃত্যু ঘটিছে৷

You might also like